কামপুৰৰ ৰহা পথৰ কোঁৱৰীআটিত ভয়ানক পথ দুৰ্ঘটনা

s

ৰহা পথৰ কোঁৱৰীআটিত এখন বালি ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহিক। গুৰুতৰভাৱে আহত কামপুৰ গুইমাৰিৰ কল্পজ্যোতি বৰুৱা বুলি জানিব পৰা গৈছে । ততাতৈয়াকৈ নগাঁৱলৈ চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাক চালকসহ চয়দুল আলম হেণ্ডিমেন পলায়ন কৰে যদিও পিছে পিছে খেদি চালকসহ কামপুৰ বাছ চেণ্ডিকেটত ৰাইজে আটক কৰে ট্ৰাকখন । চালক চয়দুল আলমে মাদক দ্ৰব্য সেৱন কৰি ট্ৰাক চলোবাৰ বাবে এই ঘটণা সংঘটিত হোৱাৰ সন্দেহ। আৰক্ষীয়ে আটক কৰিছে ট্ৰাক চালক ছয়দুল আলমক। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এন এল-০২-এ-৭০৬১। বাইকখনৰ নম্বৰ এএছ-০২ডি-৩২৯৩৷

Your Comments