তিৱা মাঘ বিহুত শ শ লোকে মাছ ধৰিলে বুকলুঙত

তিৱা মাঘ বিহুত শ শ লোকে মাছ ধৰিলে বুকলুঙত

আজি মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ লোকসকলৰ মাঘ বিহু। মধ্য অসমৰ তিৱাসকলে পৰম্পৰাগতভাৱে মাঘ মাহৰ প্ৰথমটো বুধবাৰে মাঘ বিহু পালন কৰে। ভোগালী বিহুৰ দিনা হাঁহে- মাহে পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ উদ্দেশ্যৰে নগাঁও জিলাৰ অন্যতম তিৱা জনগোষ্ঠীৰ কেন্দ্রস্থল কঠিয়াতলিৰ লগতে লংজাপ অঞ্চলৰ তিৱাসকলৰ মাজত চলিছে ব্যাপক আয়োজন। প্ৰতি বছৰে  ভোগালী বিহুৰ দিনা কঠিয়াতলি বুকলুঙত মধ্য অসমৰ নগাঁও, মৰিগাঁও আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ শ শ লোকে একেলগে মাছ ধৰাৰ পৰম্পৰা আছে।  বুকলুঙৰ এটা মাছ ধৰি পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ আছে পৰম্পৰা। আজি পুৱাই হাতে-হাতে জাকৈ, জাল, পল আদি লৈ মাংগলিক কাৰ্যসূচীৰ মাজেৰে বুকলুঙত নামি সমূহীয়াকৈ মাছ ধৰে তিৱা সম্প্ৰদায়ৰ লোকসকলে।

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা

Your Comments