উৰুকাত দীঘলী বিলত সমূহীয়াকৈ মাছ ধৰিলে ৰাইজে

s

আজি মাঘ বিহুৰ উৰুকা ‌। ভোগৰ উৎসৱ ভোগালীৰ উৰুকাৰ নিশা হাঁহে-মাহে পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ উদ্দেশ্যেৰে  কামপুৰতো চলিছে ব্যাপক আয়োজন। প্ৰতি বছৰৰ ভোগালী বিহুৰ উৰুকাৰ দৰে এইবাৰো কামপুৰৰ দীঘলী বিলত পৰম্পৰা অনুযায়ী মাছ ধৰিলে ৰাইজে।মধ্য অসমৰ নগাঁও, মৰিগাঁও আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ শ শ লোক একত্ৰিত  হৈ ধৰিলে মাছ। উদ্দেশ্য দীঘলী বিলৰ এটা মাছেৰে পৰিয়ালৰ সকলোৱে মিলি এসাঁজ খোৱা। হাতে-হাতে জাকৈ, জাল, পল , টাঙনী আদি লৈ মাংগলিক কাৰ্যসূচীৰ মাজেৰে আজি পুৱা দীঘলী বিলত নামি  মাছ ধৰে ৰাইজে। দৃষ্টিনন্দন হৈছিল সমূহীয়াকৈ মাছ ধৰাৰ দৃশ্য।


 

Your Comments