নগাঁৱৰ কঠিয়াতলী জুমুৰমুৰত পত্নীক জ্বলাই হত্যা স্বামীৰ

q

জীৱন মৃত্যুৰে যুঁজ দি অৱশেষত হাৰ মানিলে নগাঁৱৰ জুমুৰমুৰৰ এগৰাকী মহিলাই । গাত কেৰাচিন তেল ঢালি জ্বলাই হত্যাৰ চেষ্টা চলাইছিল স্বামী বিমল শইকীয়াই । ঘটনাতো সংঘটিত হৈছিল ২ ডিচেম্বৰৰ নিশা । সামান্য কথাতেই মহিলা গৰাকীক স্বামী বিমল শইকীয়াই গাত কেৰাচিন তেল ঢালি জুই জ্বলাই হত্যাৰ চেষ্টা চলাইছিল ।

২২২

কিন্তু দীৰ্ঘদিন চিকিৎসালয়ৰ বিছনাত চতফটাই থকা বোৱাৰীগৰাকীৰ নিশা মৃত্যু ঘটে ৷ ঘটনা সন্দৰ্ভত কামপুৰ থানাত  ভুক্তভোগী মহিলাগৰাকীৰ পিতৃৰ এজাহাৰ ভিত্তিতে স্বামী বিমল শইকীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জেল হাজোতলৈ৷ যদিও আন দুজন অভিযুক্ত বাবুল শইকীয়া আৰু যুগল শইকীয়া বৰ্তমানো মুকলি আকাশৰ তলত৷

https://www.facebook.com/newsasn6/videos/218337805764604/

কেৱল ইমানেই নহয় পাষান স্বামীয়ে তেওঁৰ পত্নীক নিজে জ্বলোৱা বুলি আত্মীয়ৰ লোকক ক'বলৈ ভাবুকি প্ৰদান কৰাৰ লগতে হত্যাৰো ভাবুকি দিছিল ৷ উল্লেখযোগ্য যে আৰক্ষীয়ে ইতিমধ্যে ৩৩১/১৮ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪৯৮ এ ৩৪২/৩২৬/৩০৭/৩৪ আইপিচি ধাৰাত এক গোচৰ ৰুজো কৰা হৈছে৷ 

Your Comments