কলিয়াবৰ বিদ্যালয়সমূহৰ মাজত বিনামূলীয়া পাঠ্যপুথি বিতৰণ

w

কলিয়াবৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ মাজত আজি বিতৰণ কৰা হয় বিনামূলীয়া পাঠ্যপুথি। কলিয়াবৰৰ চৰ্দাৰ বল্লভ ভাই পেটেল মজলীয়া বিদ্যালয়ৰত অনুষ্ঠিত বিনামূলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠানত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ কৰে। পাঠ্যপুথি বিতৰণ অনুষ্ঠানত মহকুমাধিপতি বিতোপন নেওগ, ভাৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰিংখাং মুচাহাৰিয়ে অংশগ্ৰহণ কৰে।

Your Comments