জেপিচিয়ে প্ৰশস্ত কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পথ

জেপিচিয়ে প্ৰশস্ত কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পথ

দেশত হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ পথ প্ৰশস্ত হ'ল। যুটীয়া সংসদীয় সমিতিয়ে বৰ্তমানৰ ৰূপতে নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

জেপিচিৰ বৈঠকত ইয়াৰ বিৰুদ্ধে দাখিল কৰা সকলো প্ৰস্তাৱ নাকচ কৰা হয়। অহা ৩ জানুৱাৰীত হ'বলগা জেপিচিৰ সভাত খচৰা প্ৰস্তুত কৰা হ'ব আৰু ৭ তাৰিখে লোকসভাত দাখিল কৰা হ'ব।

বিধেয়কখনৰ প্ৰসংগত বহুকেইজন সদস্যই প্ৰতিবাদ জনাইছিল যদিও শাসকগোষ্ঠীৰ সদস্যসকলে সমৰ্থন কৰে। অসমৰ জনগণৰ প্ৰতিবাদক যুটীয়া সংসদীয় সমিতিয়ে কোনো গুৰুত্ব আৰোপ নকৰিলে।

বিজেপি চৰকাৰে নিজৰ এজেণ্ডা কাৰ্যকৰী কৰাৰ পদক্ষেপ গ্রহণ কৰিছে। ৭ জানুৱাৰী তাৰিখে লোকসভাৰ মজিয়াত সকলো স্পষ্ট হৈ পৰিব।

Your Comments