অকাল মৃত্যুৰ সংবাদত মৰ্মাহত নগাঁৱৰ কঠিয়াতলীবাসী : ২০১৮ বৰ্ষত পথ দুৰ্ঘটনাত মৃত্যু ১৭ জনৰ

w

২০১৮ বৰ্ষটো বিদায় দি ২০১৯ বৰ্ষটো আদৰিবলৈ সাজু হৈছে কঠিয়াতলীবাসী ।কিন্তু ২০১৮ বৰ্ষটোৰ বহু কৰুণ ঘটনাই অঞ্চলবাসীৰ মন ভাৰাক্ৰান্ত কৰি তুলিছে । এনে ঘটনাসমূহৰ ভিতৰত বিশেষকৈ কঠিয়াতলীৰ মাজেৰে পাৰ হৈ যোৱা চাৰিলেনযুক্ত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত পথ দুৰ্ঘটনাত আৰু বন্যহস্তীৰ আক্ৰমণত মানুহৰ মৃত্যু আদিয়েই প্ৰধান। এনে ঘটনাত মৃত্যু হোৱাজনৰ কিছুমান হৃদয় বিদাৰক দৃশ্যই আজিও অঞ্চলবাসীক আতংকিত কৰি তোলে।

চৰকাৰী পক্ষৰ অৱহেলা আৰু গাফিলতিৰ কাৰণেই এনে ঘটনাসমূহ ভৱিষ্যতেও ঘটি থাকিব বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।
অৱশ্যে হাতী-মানুহৰ সংঘাত ৰোধ কৰিবৰ কাৰণে বন বিভাগে কিছুদিন পূৰ্বে ৰেংবঙৰ পৰা কন্দলীলৈকে প্ৰায় ১০ কি:মি: দৈৰ্ঘ্যৰ সৌৰশক্তি চালিত ফেন্সিং কাঁটাতাঁৰ  পাহাৰৰ নামনিত স্থাপন কৰাত হাতী-মানুহৰ সংঘাতৰ পৰা কিছু সকাহ পোৱা দেখা গৈছে। তথাপি শেহতীয়াকৈ যোৱা ২২ জুনত ৰেংবেঙত মালতী নায়ক নামৰ মহিলাগৰাকীৰ হাতীৰ গচকত মৃত্যু হয় ।

উল্লেখ্য যে  বিগত ২০১৪ৰ পৰা ২০১৮ লৈকে অঞ্চলটোত বন্যহস্তীৰ আক্ৰমণত ১৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে  বিভিন্ন কাৰণত ছয়টা বন্যহস্তীৰো মৃত্যু হৈছে । আনহাতে, ২০১৮ বৰ্ষৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে কঠিয়াতলীৰ মাজেৰে পাৰ হৈ যোৱা চাৰিলেনযুক্ত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা পথ দুৰ্ঘটনাত ১৭ জন লোকে প্ৰাণ হেৰুৱায় আৰু বহুজন গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে পথত গতিৰোধক অথবা যান-বাহন নিয়ন্ত্ৰণৰ ট্ৰেফিক পইণ্ট স্থাপনৰ দাবীত বহুবাৰ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত  কৰিও বিফল হৈছে ।

যপ্ৰতিবাদ চলি থকাৰ সময়তে জিলা প্ৰশাসনৰ লোক প্ৰতিবাদস্থলীত উপস্থিত হৈ মিছা প্ৰতিশ্ৰুতিৰে আভুৱা ভাঁৰি ৰাইজৰ প্ৰতিবাদ নিয়ন্ত্ৰণ কৰি পিছত সকলো পাহৰি যায় । ইফালে, এনে দুৰ্ঘটনা ৰোধৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ঘাইপথ প্ৰাধিকৰণে দৈনিক বজাৰখনত এখন উৰণীয়া সেঁতু নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে যদিও আজি পৰ্যন্ত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই৷

যাৰ বাবে এনে দুৰ্ঘটনা সঘনাই  ঘটি থকাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । নতুন বছৰত নতুন আঁচনি ৰূপায়ণেৰে এনে সমস্যাসমূহ দূৰ কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰক দাবী জনাইছে।

Your Comments