একুৰি বছৰতে ১৪খন দেশ চাইকেলেৰে ভ্ৰমণ : দ্ৰুততম এছীয় ভাৰতৰ বেদাংগী

একুৰি বছৰতে ১৪খন দেশ চাইকেলেৰে ভ্ৰমণ : দ্ৰুততম এছীয় ভাৰতৰ বেদাংগী

২০ বছৰ ৷ এই বয়সত অধিকাংশ যুৱক-যুৱতী অধ্যয়নত অথবা বিবিধ আনন্দ-স্ফূৰ্তিৰে জীৱনক উপভোগ কৰাত ব্যস্ত থাকে৷ কিন্তু বেদাংগী কুলকাৰ্ণি ভিন্ন প্ৰকৃতিৰ ছোৱালী৷

একুৰি বছৰতে ১৪খন দেশ চাইকেলেৰে ভ্ৰমণ : দ্ৰুততম এছীয় ভাৰতৰ বেদাংগী

২০ বছৰ বয়সতে বেদাংগীয়ে এটা ব্যতিক্ৰমী সংকল্প গ্ৰহণ কৰিলে৷ তেওঁ বাইচাইকেলেৰে পৃথিৱীৰ দেশসমূহ ভ্ৰমণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ বিশ্বৰ দেশসমূহৰ মানুহ, কৃষ্টি-সংস্কৃতিৰ বিষয়ে অৱগত হোৱাৰ হেঁপাহ পূৰণৰ বাবেই তেওঁ চলিত বৰ্ষৰ জুলাই মাহত যাত্ৰা আৰম্ভ কৰে৷

একুৰি বছৰতে ১৪খন দেশ চাইকেলেৰে ভ্ৰমণ : দ্ৰুততম এছীয় ভাৰতৰ বেদাংগী

২০১৮ চনৰ জুলাই মাহত অষ্ট্ৰেলিয়াৰ পাৰ্থৰ পৰা বেদাংগী কুলকাৰ্ণিয়ে তেওঁৰ বাইচাইকেল যাত্ৰা আৰম্ভ কৰে৷ জুলাই মাহৰ পৰা ১৪খন দেশ ভ্ৰমণ কৰাৰ পিছত তেওঁ ভ্ৰমণ সমাপ্ত কৰিলে৷

একুৰি বছৰতে ১৪খন দেশ চাইকেলেৰে ভ্ৰমণ : দ্ৰুততম এছীয় ভাৰতৰ বেদাংগী

তেওঁ অষ্ট্ৰেলিয়া, নিউজীলেণ্ড, কানাডা, আইচলেণ্ড, পৰ্তুগাল, স্পেইন, ফ্ৰান্স, বেলজিয়াম, জাৰ্মানী, ডেনমাৰ্ক, ছুইডেন, ফিনলেণ্ড, ৰাছিয়াৰ বাট-পথত চাইকেল চলালে৷ ভ্ৰমণকালত প্ৰতিকূল বতৰৰ সন্মুখীন হৈছিল যদিও কেতিয়াও হাৰ নামানিলে এই ২০ বছৰীয়া যুৱতীগৰাকীয়ে৷

একুৰি বছৰতে ১৪খন দেশ চাইকেলেৰে ভ্ৰমণ : দ্ৰুততম এছীয় ভাৰতৰ বেদাংগী

ভ্ৰমণকালত তেওঁ -২০ ডিগ্ৰী চেলচিয়াছ তথা ৩৭ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা অকাতৰে সহ্য কৰি যাত্ৰা অব্যাহত ৰাখিলে৷ যাত্ৰাত অনেক অচিনাকি মানুহৰ সৈতে চিনাকি হৈ, সমৃদ্ধ কৃষ্টি-সংস্কৃতিৰ জ্ঞানলাভেৰে পুলকিত হ'ল বেদাংগী৷ চাইকেল যাত্ৰাটোৰ জৰিয়তে বেদাংগীয়ে এটা অসামান্য কৃতিত্বও অৰ্জন কৰে৷

একুৰি বছৰতে ১৪খন দেশ চাইকেলেৰে ভ্ৰমণ : দ্ৰুততম এছীয় ভাৰতৰ বেদাংগী

পুণে নিবাসী যুৱতীগৰাকীয়ে ১৫৯ দিনত ২৯,০০০ কিঃমিঃ চাইকেল চলাই পৃথিৱীৰ চৌপাশে ভ্ৰমণ কৰা দ্ৰুততম এছীয় নাগৰিক হিচাপে পৰিগণিত হ'ল৷ বেদাংগীৰ এই অভূতপূৰ্ব কৃতিত্ব অৰ্জনে এতিয়া বিশ্ববাসীৰ সন্মুখত ভাৰতৰ সন্মান বৃদ্ধি কৰিছে৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ৩০ ডিচেম্বৰৰ 'মন কী বাত' অনুষ্ঠানটোত বেদাংগীৰ শলাগ লৈছে৷

একুৰি বছৰতে ১৪খন দেশ চাইকেলেৰে ভ্ৰমণ : দ্ৰুততম এছীয় ভাৰতৰ বেদাংগী

১৪খন দেশ ভ্ৰমণৰ পূৰ্বেও বেদাংগী কুলকাৰ্ণিয়ে অকলশৰে চাইকেল যাত্ৰা কৰিছিল৷ তেওঁ ২০১৬ চনত মানালী-ড্ৰাছ পথেৰে অকলশৰে চাইকেল যাত্ৰা কৰিছিল৷ সম্প্ৰতি তেওঁ বৌৰ্নমাউথ বিশ্ববিদ্যালয়ত ক্ৰীড়া ব্যৱস্থাপনাৰ পাঠ্যক্ৰম অধ্যয়ন কৰি আছে৷ ইয়াতে তেওঁ দুবছৰ পূৰ্বে চাইক্লিঙৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল৷

একুৰি বছৰতে ১৪খন দেশ চাইকেলেৰে ভ্ৰমণ : দ্ৰুততম এছীয় ভাৰতৰ বেদাংগী

পুণে নিবাসী বেদাংগী তেওঁৰ সাহস, ক্ৰীড়া নৈপুণ্যৰ বাবে এতিয়া ভাৰতীয় যুৱপ্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ৷ প্ৰতিকূল পৰিস্থিতিৰ ওচৰত হাৰ নামানি নতুনক জনাৰ অনুসন্ধান অব্যাহত ৰখা বেদাংগীৰ দৰে মানসিকতা ভাৰতীয় যুৱপ্ৰজন্মই নিজৰ মাজত গঢ়ি তোলাৰ, সকলো সময়তে সজীৱ কৰি ৰখাৰ দৰকাৰ৷

একুৰি বছৰতে ১৪খন দেশ চাইকেলেৰে ভ্ৰমণ : দ্ৰুততম এছীয় ভাৰতৰ বেদাংগী

২০ বছৰতে এগৰাকী ব্যতিক্ৰমী আৰু সাহসী নাৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰা বেদাংগীক বিশেষভাৱে সন্মানিত কৰাৰ পোষকতা কৰিছে 'নেচনেল স্প'ৰ্টছ ক্লাব অব্‌ ইণ্ডিয়া'ই৷ ক্লাবটোৱে শীঘ্ৰে ক্ৰীড়া মন্ত্ৰণালয়ৰ সৈতে যোগাযোগ কৰিব বুলি উল্লেখ কৰিছে, যাতে বেদাংগীক সন্মানিত কৰিব পৰা যায়৷

Your Comments