কলিয়াবৰত ডাব্লিউ ডাব্লিউ এফৰ মাটিৰ চৌকা প্ৰস্তুত কৰা কৰ্মশালাৰে বন সংৰক্ষণৰ প্ৰচেষ্টা

ৌ

ডাব্লিউ ডাব্লিউ এফৰ উদ্যোগত আৰু অসম শক্তি উন্নয়ন অভিকৰণৰ সহযোগত আমগুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত নতুনদাঙাত ১৭ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈকে ৫ দিনীয়া এখনি কৰ্মশালা যুৱক-যুৱতীসকলৰ মাজত অনুষ্ঠিত হৈ যায়।  ১৭ গৰাকী যুৱকে অংশগ্ৰহণ কৰা কৰ্মশালাখনত বিশেষকৈ মাটিৰ চৌকা বনোৱাৰ প্ৰশিক্ষণ দিয়া হয়। ডাব্লিউ ডাব্লিউ এফৰ জ্যেষ্ঠ সমন্বয়ক প্ৰণৱ বৰাই আমাক জানিব দিয়া মতে-সৰ্বসাধাৰণ মানুহৰ ঘৰত আজিও খৰীৰে জুই ধৰাৰ ব্যৱস্থা আছে ৷

গতিকে এইসকল লোকে যাতে অতি কম খৰী ব্যৱহাৰ কৰি ৰন্ধা-বঢ়া বা অন্যান্য কাম কৰিব পাৰে তাৰ বাবে এই মাটিৰ চৌকাসমূহ অতি উপযোগী। লগতে বৰ্তমানে বনাঞ্চল যি ধৰণে সংকুচিত হৈ আহিছে এই ক্ষেত্ৰত এনেধৰণৰ ব্যৱস্থাই কিছু হ'লেও উপসম কৰিব বুলি বৰাই কয়। ইফালে কৰ্মশালাখনত সৌৰশক্তিৰ দ্বাৰা চালিত যন্ত্ৰপাতিৰ মেৰামতিৰ প্ৰশিক্ষণ দিয়া হয়।

ভৱিষ্যতে এনে প্ৰশিক্ষণৰ যোগেদি যুৱকসকলে আৰ্থিকভাবে লাভান্বিত হ'বলৈ সক্ষম হ'ব আৰু এনেধৰণৰ কামৰ মাজেদি আৰ্থিকভাৱে স্বাৱলম্বি হ'বলৈ ইচ্ছুক যুৱক- যুৱতীসকলক ডাব্লিউ ডাব্লিউ এফৰ পৰা সহায় আগবঢ়া বুলি জ্যেষ্ঠ সমন্বয়ক প্ৰণৱ বৰাই জানিবলৈ দিয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সহকাৰী বন বিষয়া ভাস্কৰজ্যোতি বুঢ়াগোঁহাইৰ লগতে অসম শক্তি উন্নয়ন অভিকৰণৰ কেইবাগৰাকীও সমল ব্যক্তি উপস্থিত থকা সামৰণি অনুষ্ঠানতে কৰ্মশালাত অংশগ্ৰহণ কৰা যুৱকসকলক সৌৰশক্তি চালিত সঁজুলীৰ লগতে প্ৰত্যেককে একোখনকৈ মানপত্ৰ প্ৰদান কৰে।

Your Comments