সংসদৰ শীতকালীন অধিবেশনত আলোচনা নহয় নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ ওপৰত

সংসদৰ শীতকালীন অধিবেশনত আলোচনা নহয় নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ ওপৰত

বহু চৰ্চিত আৰু সমালোচিত নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ সংসদৰ আগন্তুক শীতকালীন অধিবেশনত আলোচনাৰ বাবে গ্ৰহণ কৰা নহয় ৷ সংসদৰ দুয়ো সদনতে এই বিষয়ত কোনো ধৰণৰ আলোচনা নহয় বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে যুটীয়া সংসদীয় সমিতিয়ে এই বিধেয়কখনৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰি এক প্ৰতিবেদন প্ৰস্তুত কৰি সংসদৰ শীতকালীন অধিবেশনত উত্থাপনৰ জৰিয়তে ইয়াক গৃহীত কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছিল ৷

কিন্তু বিধেয়কখনক লৈ সৰ্বত্ৰ বিতৰ্ক আৰু সমালোচনাৰ লগতে বিধেয়কখন সংসদত উত্থাপন কৰিলে বিভিন্ন দল-সংগঠনৰ পৰা প্ৰতিবাদৰ সন্মুখীন হোৱাৰ আশংকাতেই ইয়াৰ ওপৰত আলোচনা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি অনুমান কৰা হৈছে ৷

আনহাতে, এই বিধেয়কৰ ওপৰত আলোচনা কিম্বা ইয়াক গ্ৰহণৰ ব্যৱস্থা কৰিলে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ ওপৰত কুপ্ৰভাৱ পৰাৰ আশংকা কৰিও ইয়াক সংসদৰ অধিবেশনৰ কাৰ্যক্ৰমৰ পৰা বাহিৰত ৰখা বুলি এতিয়া বহুতে মন্তব্য প্ৰকাশ কৰিছে ৷

Your Comments