কামপুৰ বকুলগুৰিত বিদ্যালয়ৰ ভিতৰত মদ্যপাণ

s

বিদ্যালয়ৰ ভিতৰত মদ্যপাণ কৰি বটল ভাঙি পেলাই গ'ল নিৰ্বাচনী বিষয়াসকলে ৷ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন শেষ হোৱাৰ পাছত নিশা চিমলাই পথাৰ প্ৰাথমিক বিদ্যালয়ত ঘটে এই ঘটনা ৷ পুৱা শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী বিদ্যালয়খনত উপস্থিত হৈ প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনাটো ৷ বকুলগুৰি পঞ্চায়তৰ ৭নং আৰু ৮নং ৱাৰ্ডৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল বিদ্যালয়খনত ৷ সমগ্ৰ ঘটনাটোক ধিক্কাৰ দিয়ে ৰাইজে ৷

Your Comments