আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইচ ডব্লিউ বুশ্ব আৰু নাই ৷ শুকুৰবাৰৰ নিশা ১০.৩০ বজাত নিজ বাসভৱনত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ৷
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ ৷ উল্লেখ্য যে জৰ্জ এইচ ডব্লিউ বুশ্ব আমেৰিকাৰ ৪১সংখক ৰাষ্ট্ৰপতি আছিল ৷ ১৯২৪ চনৰ ১২ জুনত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিজনে জন্মগ্ৰহণ কৰিছিল ৷
আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে ১৯৮১ চনৰ পৰা ১৯৮৯ চনলৈ তেওঁ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ তেওঁ ৰিপাব্লিকান দলৰ এগৰাকী সাধাৰণ আৰু সৰলমনা নেতা আছিল বাবে তেওঁ সকলোৰে ওচৰত জনপ্ৰিয় ৷
তেওঁৰেই পুত্ৰ জৰ্জ ডিব্লউ বুশ্ব দেশখনৰ ৪৩ সংখ্যাক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল ৷ জৰ্জ এইচ ডব্লিউ বুশ্বে ১৯৮৯ চনৰ ২০ জানুৱাৰীৰ পৰা ১৯৯৩ চনৰ ২০ জানুৱাৰীলৈকে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ আকস্মিক মৃত্যুৰ খবৰটোৱে সমগ্ৰ দেশখনৰ জন-জীৱন স্তব্ধ কৰি পেলায় ৷ প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ মৃত্যুত আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে গভীৰ শোক প্ৰকাশ কৰে ৷
- Log in to post comments
- 58 views