কঠীয়াতলী ৰেংবেঙত পথ দুৰ্ঘটনাত নিহত ১

কঠীয়াতলী ৰেংবেঙত পথ দুৰ্ঘটনাত নিহত ১

সোমবাৰে নিশা নগাঁৱৰ কঠীয়াতলী ৰেংবেঙত এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয় ।

নগাঁও অভিমুখী মালবাহী মেজিকে মহতিয়াই নিয়ে এজন পথচাৰীক ।

ফলত থিতাতে নিহত হয় পথচাৰীজন ৷

নিহত পথচাৰীজনক ৰেংবেং চাহ বাগিচাৰ পুনু ৰাউতিয়া বুলি চিনাক্ত কৰা হৈছে ।

দুৰ্ঘটনা সংঘটিত কৰি মেজিকখনৰ চালকে পলায়ন কৰে ।

দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ এ এছ-০২ বি চি-০৫১৪ ৷

ঘটনাস্থলীত কঠীয়াতলী আৰক্ষী উপস্থিত হৈ জব্দ বাহনখন জব্দ কৰে ।

Your Comments