নগাঁৱৰ কঠীয়াতলিত ৰাইজে আবদ্ধ কৰিলে পঞ্চায়ত প্ৰাৰ্থীক 

ৌ

নগাঁৱৰ কঠীয়াতলি নামবৰ লালুং গাঁও পঞ্চায়তত নিশা উত্তেজনা ৷ ভোট বিচাৰি আহোতে ৰাইজে আবদ্ধ কৰিলে এজন অগপ কৰ্মীক । পিছত আৰক্ষী আহি পৰিস্থতি নিয়ন্ত্ৰণ কৰে ।
দিনে-নিশাই ৰাজনৈতিক দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ । দেওবাৰে নিশা নগাঁৱৰ কঠীয়াতলী নামবৰ লালুং গাঁও পঞ্চায়তৰ একাংশ অগপ কৰ্মীয়ে বুকলুঙত ভোট বিচাৰি আহোতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । নামবৰ লালুং গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি পোনা বৰদলৈয়ে দলে-বলে বুকলুঙত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহোতেই ৰাইজ উত্তপ্ত হৈ পৰে ।

ৰাইজৰ অভিযোগ, পোনা বৰদলৈয়ে সোণমণি দাস নামৰ এজন অগপ কৰ্মীৰ জৰিয়তে এগৰাকী মহিলাক ইন্দিৰা আৱাস যোজনাৰ ঘৰ দিম বুলি কৈ পাঁচ হাজাৰ টকা লৈছিল । কিন্তু ৩ বছৰৰ পাছতো ঘৰ নাপালে মহিলাগৰাকীয়ে । উত্তপ্ত পৰিস্থিতিৰ মাজতেই পলায়ন কৰে প্ৰাক্তন পঞ্চায়ত সভাপতি পোনা বৰদলৈৰ লগতে আন কেবাজনো অগপ কৰ্মী । কিন্তু ৰাইজে মহিলাগৰাকীৰ পৰা ঘৰ দিম বুলি পাঁচ হাজাৰ টকা লৈ যোৱা অগপ কৰ্মী সোণমণি দাসক আবদ্ধ কৰি পাঁচ হাজাৰ টকা বিচাৰে ।

সোণমণি দাসে অৱশ্যে মহিলাগৰাকীৰ পৰা টকা লোৱাৰ কথা স্বীকাৰ কৰে । পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অগপ কৰ্মী সোণমণি দাসক আটক কৰি নিয়াতহে পৰিস্থিতি নিয়ন্ত্ৰণ হয় ।


 

Your Comments