কলিয়াবৰত প্ৰৱীণ শিল্পীৰ "ক্ষেত্ৰবাহু বধ" ভাওনা প্ৰদৰ্শন 

a

শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস লীলা উৎসৱ উদ্‌যাপনৰ লগতে জ‍্যেষ্ঠ শিল্পীসকলে "ক্ষেত্ৰবাহু বধ" ভাওনা প্ৰদৰ্শন কৰে কলিয়াবৰৰ মাধতাৰি গাঁৱত । কলিয়াবৰৰ দলিবাৰী, পোৰাভেটি, গোণামৰা, পুবথৰীয়া পাঠকৰ চুক-পুৰণিঘৰীয়াকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজ মিলি শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস লীলা উদ্‌যাপন কৰে মাধতাৰি গাঁৱৰ পুবথৰীয়া উচ্চ বিদ‍্যালয় প্ৰঙ্গণত । ২৩ তাৰিখে স্থানীয় গাঁওবাসী যুৱক-যুৱতীৰ দ্বাৰা শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত "কেলি গোপাল" অঙ্কীয়া নাট প্ৰদৰ্শন কৰা হয় ।

২৪ তাৰিখৰ নিশাৰ আকৰ্ষণ আছিল ষাঠি বছৰৰ ঊৰ্ধ্বৰ শিল্পীসকলৰ দ্বাৰা প্ৰয়াত সত্ৰাধিকাৰ ৰুদ্ৰকান্ত গোস্বামীদেৱৰ ৰচিত অঙ্কীয়া শৈলীৰ "ক্ষেত্ৰবাহু বধ" ভাওনা প্ৰদৰ্শন । বিজয় ভূঞা (৭৮), নিৰঞ্জন মহন্ত (৭৫), ভোলানাথ গোস্বামী (৭২), ৰামেশ্বৰ হাজৰিকা (৬৮), বদন মহন্ত (৬৮), যোগেন শৰ্মা (৬৫), ৰত্নেশ্বৰ বৰা (৬৫), যতীন ভূঞা (৬৫), বসন্ত মহন্ত (৬২), প্ৰেম খাউণ্ড (৬০), দেৱেন্দ্ৰ মহন্ত (৬০) আদি বহুকেইগৰাকী প্ৰৱীণ শিল্পীয়ে পূৰ্বৰ মান অক্ষুণ্ণ ৰাখি প্ৰাণ ঢালি কৰা অভিনয়ে দৰ্শক ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয় । গায়ন-বায়নত ললিত বৰা (৬৮) আৰু যজ্ঞোৰাম বৰা (৭০)ৰ সক্ৰিয় সহযোগিতাই ভাওনাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে । 

Your Comments