কামপুৰত আৱকাৰী বিভাগৰ অভিযান : বৃহৎ পৰিমানৰ দেশী-বিদেশী সুৰা জব্দ

s

কামপুৰত আবকাৰী বিভাগৰ অভিযান ।  অভিযানত বৃহৎ পৰিমাণৰ দেশীয় আৰু বিদেশী সুৰা জব্দ । নগাঁও জিলাৰ আবকাৰী বিভাগৰ অধ্যক্ষ মনোজ কুমাৰ চহৰীয়াৰ নেতৃত্বত এই অভিযান ।কামপুৰৰ বিভিন্ন স্থানৰ দেশীয় সুৰাৰ ব্যৱসায়ৰ ঘাটি ভাঙি পেলোৱা ৰ লগতে চাৰিজনকৈ লোকক আটক কৰে আবকাৰী বিভাগে।

আটকাধীন লোক কেইজন হ’ল ঘিলানীৰ প্ৰদীপ হাজৰিকা, ভলভলী গাঁৱৰ ৰিয়াজুল ইছলাম, চৰাইহাগীৰ বাবুল বৰ্মন আৰু পৰাগ বৰা। দীৰ্ঘদিন ধৰি কামপুৰ আবকাৰী বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে কেইটামান টকাৰ লালসাত সুৰা ব্যৱসায়ীৰ লগত সম্পৰ্ক ৰখাৰ কথা ভিন্ন সময়ত অভিযোগ তুলি আহিছে স্থানীয় লোকে।
 

Your Comments