সবৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশ : কেৰালাত মুখ্য মন্ত্ৰীৰ বাসগৃহ ঘেৰাও বিজেপি কৰ্মী-সমৰ্থকৰ

1111

কেৰালাৰ সবৰীমালাৰ ভগৱান আয়াপ্পা মন্দিৰৰ দুৱাৰ মুকলি হোৱা দুটা দিন হ'ল ৷

এই দুটা দিনত সমগ্ৰ ৰাজ্যখনতে সৃষ্টি হৈছে এক উত্তেজনাময় পৰিৱেশৰ ৷

সবৰীমালা মন্দিৰৰ দুৱাৰ মুকলিৰ সময়ত একাংশ মহিলা ভক্তই প্ৰৱেশৰ চেষ্টা চলাব বুলি প্ৰচাৰিত বাতৰিৰ পিছতে ইয়াৰ প্ৰতিবাদ জনোৱাত কেৰালা বিজেপিৰ সাধাৰণ সম্পাদক কে সুৰেন্দ্ৰনক শনিবাৰে নিশাই আৰক্ষীয়ে আটক কৰে ৷

কে সুৰেন্দ্ৰনক গ্ৰেপ্তাৰৰ প্ৰতিবাদ জনোৱাৰ লগতে আৰক্ষী প্ৰশাসনৰ ওপৰত ক্ষোভ উজাৰি দেওবাৰে পুৱতি নিশা বিজেপিৰ বহুকেইটা ছাত্ৰ সংগঠনৰ কৰ্মী আৰু সমৰ্থকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰীসকলে মুখ্য মন্ত্ৰী বাসগৃহ ঘেৰাও কৰি ৰাজপথ অৱৰোধ কৰাৰ ফলত ৰাজপথত যাতায়াত বন্ধ হৈ পৰে ৷

Your Comments