নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ কালি অন্তিম দিনটোত বটদ্ৰৱা বিধানসভা সমষ্টিৰ দলংঘাট আৰু বটদ্ৰৱা উন্নয়ন খণ্ডত বিভিন্ন দলৰ ৱাৰ্ড সদস্যসকলে সন্ধ্যালৈকে ভিৰ কৰি মনোনয়ন দাখিল কৰে ৷
প্ৰাপ্ত তথ্যমতে, দলংঘাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আজি কাকমাৰী গাঁও পঞ্চায়তৰ বাবে ২৮জনে ৱাৰ্ড সদস্যৰ বাবে মনোনয়ন দাখিল কৰিছে ৷ একেদৰে নিজ হাতীচোঙত ২৯জন, ৰাইডঙীয়াত ৩২জন, আইভেটী ৩১জন, মাজ জাজৰিত ২৫জন, হাতীযুঁজুৱাত ৩১জন আৰু কুজীদাঁহ-জামুগুৰি গাঁও পঞ্চায়তৰ বাবে ৩০জন প্ৰাৰ্থীয়ে ৱাড সদস্যৰ বাবে মনোনয়ন দাখিল কৰিছে ৷
ইফালে বটদ্ৰৱা সমষ্টিৰ ১০নং হাতীচোং জিলা পৰিষদ সমষ্টিৰ বাবে অগপৰ প্ৰাৰ্থিত্ব গ্ৰহণ কৰি মনোনয়ন দাখিল কৰে সমষ্টিটোৰ বিজেপিৰ মহিলা নেত্ৰী তথা দলংঘাট মণ্ডলৰ মহিলা মৰ্চ্চাৰ সভানেত্ৰী অৱন্তী দেৱীয়ে ৷
অথচ আজি কেইদিনমান আগতে এইগৰাকী অৱন্তী দেৱীকেই স্কুটীৰ পিছৰ আসনত বহুৱাই লৈ বিধায়িকা আঙুৰলতা ডেকাই সমষ্টিটোৰ বিভিন্ন ঠাইত আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰিছিল ৷ নিজৰ স্কুটীৰ পিছৰ আসনৰ আৰোহীগৰাকীকেই দলত ধৰি ৰাখিব নোৱাৰাটো বিষয়টোৱে এতিয়া ৰাইজৰ মাজত বেচ চৰ্চাৰ লাভ কৰিছে ৷
একেদৰে নিজ হাতীচোং গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে বিজেপিৰ দলংঘাট মণ্ডলৰ যুৱ মৰ্চ্চাৰ এগৰাকী সক্ৰিয় বিষয়ববীয়া তথা যুৱনেতা জ্যোতি প্ৰসাদ শইকীয়াই নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰা বুলি জানিব পৰা গৈছে ৷
- Log in to post comments
- 91 views