অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উদ্যোগত নীলবাগানত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্‌যাপন

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উদ্যোগত নীলবাগানত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্‌যাপন

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ হোজাই জিলা সমিতিৰ উদ্যোগত আজি নীলবাগানত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্‌যাপন কৰা হয় ৷ নীলবাগানস্থিত লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ কাৰ্যালয় চৌহদত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰেছ দিৱসৰ কাৰ্যসূচীত পুৱা পতাকা উত্তোলন কৰে জিলা সভাপতি হেলাল আহমেদে ৷

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উদ্যোগত নীলবাগানত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্‌যাপন

ইয়াৰ পিছতে ছহীদ বেদীত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্জ্বলন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ প্ৰচাৰ সম্পাদক আব্দুল কাদিৰ আৰু জিলাৰ কাৰ্যকৰী সভাপতি বাচিত আলম চৌধূৰীয়ে ।দিনৰ ১১ বজাত হেলাল আহমেদৰ সভাপতিত্বত আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক জমিৰ উদ্দিন তালুকদাৰে আঁত ধৰা মুকলি সভাত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা,

সাধাৰণ সম্পাদক সম্পাদক ৰাতুল বৰা, বিশিষ্ট সমাজকৰ্মী মনিৰ উদ্দিন চৌধূৰী, আজমল ফাউণ্ডেচনৰ মহা প্ৰৱন্ধক খচৰুল ইছলাম, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ পত্ৰিকা সম্পাদক ৰাতুল ডেকা, উপ সভাপতি প্ৰদীপ ডেকা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জিতু কলিতা সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৷

কেবা শতাধিক ৰাইজ উপস্থিত থকা সভাত ৰাজ্যিক সভাপতি জিতু শৰ্মা ৰাজখোৱাই ভাষণ প্ৰসংগত মফচলীয়া সাংবাদিকসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোকপাত কৰে ৷ মফচলীয়া সাংবাদিক সকলে দিনে নিশাই বহু প্ৰত্যাহ্বানৰ মাজত সংবাদ পৰিৱেশন কৰি আহিছে অথচ সেই সকল সাংবাদিকে কোনো মাহিলী দৰমহা নাপায় বুলি অভোযোগ তুলি সভাপতি ৰাজখোৱাই আৰু কয়- মফচলীয়া সাংবাদিকসকল প্ৰায় সময়ত শোষন নিষ্পেষনৰ বলি হৈ আহিছে মালিক পক্ষৰ পৰা ৷

শ্ৰম অনুযায়ী এই সকল সাংবাদিকে মালিক পক্ষৰ পৰা মাহিলী পাৰিতোষিক নোপোৱাৰ বাবে বহু সময়ত বিচলিত হ'বলৈ বাধ্য হয় বুলি মন্তব্যত প্ৰকাশ কৰে । আনহাতে সত্য আৰু ন্যায়ৰ পক্ষত থাকি সংবাদ পৰিৱেশন কৰিবলৈ যাওতে বহু সাংবাদিকে দুষ্কৃতিকাৰীৰ হাতত প্ৰাণ বিসৰ্জন দিবলগীয়া হয় বুলি প্ৰকাশ কৰে সভাপতি ৰাজখোৱাই ৷

সাংবাদিক হত্যাত অভিযুক্তসকলক দোষী সাব্যস্ত কৰি শাস্তি দিয়া দূৰৰ কথা সেই অভিযুক্তসকলক বিভিন্ন ৰাজনৈতিক দলে গামোচাৰে আদৰণি জনাই দলত উচ্চ আসন দিয়াৰ বাবে হত্যাকাৰী সকলে জন চক্ষুৰ সন্মুখত বুকু ফিন্ধাই ঘূৰিব পাৰিছে বুলি অভিযোগ কৰে ৷ ইপিনে সভাত আজমল ফাউণ্ডেচনৰ মহা প্ৰৱন্ধক খছৰুল ইছলামে ভাষণত সাংবাদিকসকলে দিনে-ৰাতিয়ে কষ্ট কৰি সংবাদ পৰিৱেশৰ জৰিয়তে সমাজক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা  ভূমিকাক শলাগ লয় ৷

মহা প্ৰৱন্ধক ইছলামে আজমল মিডিয়া ৱেলফেয়াৰ ট্ৰাষ্টৰ জৰিয়তে ৰাজ্যৰ কেবাজনো সাংবাদিকক সহায়ৰ হাত আগবঢ়োৱা বুলি জানিবলৈ দি অনাগত দিনত সহায়ৰ হাত আগবঢ়াই যাব বুলি কয়। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ হোজাই জিলা সমিতিয়ে হোজাই জিলাৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰবীন বামপন্থী নেতা মনিৰ উদ্দিন চৌধূৰী সম্বৰ্ধনা জনোৱাৰ লগতে সদ্য প্ৰয়াত কবি আতৰ আলী চৌধূৰীক মৰণোত্তৰ সন্মান জনায় ৷

ইয়াৰ উপৰি ১৩ গৰাকী জ্যেষ্ঠ সাংবাদিক ক্ৰমে তোষেশ্বৰ তামুলী ফুকন, নিৰঞ্জন চৰাওগী, হেলাল আহমেদ, অনিমেষ মজুমদাৰ, মাহমদ হুছেইন, ৰমেশ মুন্দ্ৰা, মদন দত্ত, সঞ্জীত সৰকাৰ, সুব্ৰত সৰকাৰ, অঞ্জন পাল, লচমন শৰ্মা, অৰিন্দম চৌধূৰী, পল্লৱী কলিতাক শৰাই ,জাপি,ফুলাম গামোচা আৰু একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।

সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে জমিৰ উদ্দিন তালুকদাৰে ৷ ইপিনে ডবকা প্ৰেছ ক্লাৱে ডবকা চহৰৰ আল ইত্তেহাদ ইংলিচ স্কুলত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰে ।

Your Comments