নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী জাতীয় বিদ্যালয় জাজৰিৰ ১৩সংখ্যক প্ৰতিষ্ঠা দিৱসটি বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় । পুৱা পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ফটেহ উদ্দিন আহমেদে আৰু বন্তি প্ৰজ্বলন কৰে পৰিচালনা সমিতিৰ সম্পাদক প্ৰবোধ মহন্তই ।
বৰ্ণিল শোভাযাত্ৰাৰ পাছত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা অংকন কৰা প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰাণাপ্ৰসাদ বৰাই ।
মুকলি সভাত সভাপতিত্ব কৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ফাইজুৰ ৰহমানে । সভাত উপস্থিত থাকি ডিমৰীয়া কলেজৰ হিন্দী বিষয়ৰ অধ্যপক মোহিনী মোহন ডেকা, হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকা, ৰহাৰ অকণি ঘৰৰ পৰিচালক অৱনী শইকীয়া, নগাঁও জিলা সাহিত্য সভাৰ কাৰ্যকৰী সদস্য তথা প্ৰাক্তন শিক্ষক ঠগিত মহন্ত আদিয়ে বক্তব্য ৰাখে ।
প্ৰতিষ্ঠা দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, গীত-নৃত্য আদি পৰিবেশন কৰে ।
- Log in to post comments
- 21 views