নামৰূপৰ পৰা সমীৰণ বৰুৱা
নামৰূপ টাউন কমিটীৰ অধ্যক্ষা নিতুমণি সোণোৱালে দুৰাৰোগ্য ৰোগত আক্ৰান্ত শিশু এগৰাকীক আজি ১৫ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদান কৰে৷
উল্লেখ্য যে নামৰূপ নিবাসী দিগন্ত আৰান্ধৰাৰ ৭ বছৰীয়া কন্যা ধনিষ্ঠা আৰাধন্ধা বহু দিনৰ পৰা দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে ৷
মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আজি শিশুটিৰ চিকিৎসাৰ বাবে টাউন কমিটীৰ অধ্যক্ষাগৰাকীয়ে ১৫ হাজা ৰটকাৰ চেক প্ৰদান কৰে ৷
এই সাহায্যৰ পৰা পৰিয়ালটোৱে কিছু পৰিমাণে আৰ্থিক সকাহ পোৱাৰ লগতে সাহায্য প্ৰদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷
- Log in to post comments
- 62 views