নৰ্থ বইটামাৰীত নিৰ্বাচনৰ সেমেকা পৰিৱেশ : আগ্ৰহ নাই সাধাৰণ জনতাৰ

নৰ্থ বইটামাৰীত নিৰ্বাচনৰ সেমেকা পৰিৱেশ : আগ্ৰহ নাই সাধাৰণ জনতাৰ

পঞ্চায়ত নিৰ্বাচন সমাগত । বঙাইগাঁও বিধানসভা সমষ্টিৰ অৰ্ন্তগত নৰ্থ বইটামাৰী গাঁও পঞ্চায়তৰ গ্ৰাম্য এলেকাবোৰত কিন্তু পঞ্চায়ত নিৰ্বাচনক লৈ সাধাৰণ জনতাৰ মাজত বিশেষ আগ্ৰহ পৰিলক্ষিত হোৱা নাই । অঞ্চলটোত বৰ্তমানলৈ নিৰ্বাচনৰ সেমেকা পৰিৱেশ ।

অঞ্চলটোৰ একাংশ লোকে পঞ্চায়তৰ বিগত বছৰসমূহৰ কাম-কাজক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ বিপৰীতে আন একাংশই বৰ্তমানৰ পঞ্চায়তীৰাজ ব্যৱস্থাৰ ওপৰতে আস্থা প্ৰকাশ কৰা নাই ।

নৰ্থ বইটামাৰী অঞ্চলৰ বহু দৰিদ্ৰ লোকে আজিলৈকে নাপালে চৰকাৰী আঁচনিৰ আবাসগৃহ । ভগা-ছিগা জৰাজীৰ্ণ পঁজাত বাস কৰিছে সেইসকল লোকে । পঞ্চায়তটোৰ অৰ্ন্তগত একাংশ লোকে চৰকাৰী কোনো ধৰণৰ আঁচনিৰ সুফল লাভ কৰা নাই ।

বিগত বছৰসমূহত পঞ্চায়তত আঁচনি ৰূপায়ণৰ নামত অগপ আৰু কংগ্ৰেছ দলে ৰাজনীতিকৰণ কৰা বুলি লোকসকলে ক্ষোভ প্ৰকাশ কৰিছে । পঞ্চায়তটোৰ অৰ্ন্তগত দেৱানগাঁও ৰাভাপাৰা, ধলাগাঁও টিলাপাৰা, দেৱানগাঁও সূত্ৰধৰপাৰা, বাশবাৰী নয়াপাৰাকে ধৰি প্ৰায়বোৰ এলেকাৰ লোক যাতায়াত-যোগাযোগকে ধৰি সকলো সুবিধাৰ পৰা বঞ্চিত হৈ আছে ।

প্ৰতিবাৰেই নিৰ্বাচনৰ সময়ত নেতা-পালিনেতা তথা প্ৰাৰ্থীসকলে বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে যদিও পৰৱৰ্তী সময়ত প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হয় । সেইবাবে একাংশ ভোটাৰ ৰাইজৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি আগ্ৰহ নাই ।

বিগত প্ৰায় পোন্ধৰ-বিছ বছৰ ধৰি পঞ্চায়তটোত বিভিন্ন আঁচনি ৰূপায়ণৰ নামত সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ বাবেও একাংশ লোকে নিৰ্বাচনত ভোটদানৰ ক্ষেত্ৰত অনীহা প্ৰকাশ কৰিছে ।

পঞ্চায়তীৰাজ ব্যৱস্থাৰ ওপৰতেই একাংশই আস্থা হেৰুৱাই পেলাইছে । নৰ্থ বইটামাৰী গাঁও পঞ্চায়তৰ নিৰ্বাচনত অগপ, কংগ্ৰেছ আৰু বিজেপি দলে প্ৰাৰ্থী থিয় কৰাব ।

অনানুষ্ঠানিক খবৰ অনুসৰি, অগপ দলৰ পৰা সভাপতি পদত হিমানী নাথ আৰু কাউন্সিলৰ পদত বংকিম বৰ্মনে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত । কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থীৰ বিষয়ে জানিব পৰা হোৱা নাই ।

নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দল তথা প্ৰাৰ্থীয়ে ভোটাৰক বিভিন্ন ধৰণে প্ৰলোভিত কৰিবলৈ যে চেষ্টা কৰিব সেয়া নিশ্চিত । ৰাইজে কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ'ব ।

Your Comments