বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত উত্তেজনা 

A

বিশ্বনাথ চাৰিআলিৰ ভাস্কৰ দাস 
প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত একাংশ প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰিব নোৱৰাত কালি উত্তপ্ত হৈ পৰে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয় । জানিব পৰা মতে বিয়লি ৩ বজাৰ আগতেই বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিছিল কংগ্ৰেছ দলৰ  বিশ্বনাথ জিলাৰ চেৰেলীয়া আৰু জিনজিয়া গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী চামা তপ্ন আৰু শিৱনাথ কৰ্মকাৰ আৰু চেৰেলীয়া পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী দিনেশ বাউৰী ।

কিন্ত সময়ৰ দোহাই দি অতি ৰহস্যজনকভাৱে মনোনয়ন গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰাৰ্থী কেইগৰাকীয়ে । মনোনয়ন-পত্ৰ দাখিল কৰাত বঞ্চিত হোৱা প্ৰাৰ্থীসকলে প্ৰশাসনৰ লগত  আৰু বিজেপিৰ যুৱ-মৰ্চাৰ একাংশ সদস্যৰ লগত তুমুল বাক বিতন্দাত লিপ্ত হোৱাত এক হুলস্থুল পৰিৱেশ সৃষ্টি হয়। পিছত ঘটনা স্থানত বিজেপি নেতা অমিয় কুমাৰ ভূঞা আৰু কেবিনেট মন্ত্ৰী ৰণজিৎ দত্ত উপস্থিত হয় ।  

বঞ্চিত কংগ্ৰেছ প্ৰাৰ্থীসকলে অভিযোগ দিয়া মতে একাংশ বিজেপি নেতা আৰু বিশ্বনাথ প্ৰশাসন মিলি কংগ্ৰেছ প্ৰাৰ্থীসকলক  মনোনয়ন  দিয়াত বাধা প্ৰদান কৰিছে ।

Your Comments