মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
মাজুলী জিলাত এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু গাঁও পঞ্চায়ত সভাপতি পদৰ বাবে মুঠ ১৫৮গৰাকীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে ।
মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম সময়সীমা আজি বিয়লি ৩ বজাত অন্ত পৰাৰ পাছত লাভ কৰা তথ্য অনুসৰি মাজুলী জিলা পৰিষদৰ ৪খন আসনৰ বাবে এইবাৰ মুঠ ১৩গৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন-পত্ৰ দাখিল কৰে ।
একেদৰে মাজুলী আৰু উজনি মাজুলী আঞ্চলিক পঞ্চায়ত দুখনৰ সদস্য পদৰ ২০খন আসনত প্ৰতিদ্বন্দ্বিতাৰ বাবে মুঠ ৬৬গৰাকীয়ে আৰু ২০খন গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে মুঠ ৭০গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ সংশ্লিষ্ট নিৰ্বাচন প্ৰাধিকাৰীৰ ওচৰত দাখিল কৰিছে ।
মাজুলী আঞ্চলিক পঞ্চায়তৰ ১২খন আসনত ৩৪গৰাকীয়ে আৰু উজনি মাজুলী আঞ্চলিক পঞ্চায়তৰ ৮খন আসনত ৩২গৰাকীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে । একেদৰে মাজুলী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত ১২খন গাঁও পঞ্চায়তৰ সভাপতি পদত মুঠ ৩৮গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ জমা দিছে। জিলা পৰিষদীয় ৪খন আসনৰ বাবে দলগতভাৱে বিজেপিৰ হৈ ৪, ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪, অগপৰ ৩ আৰু নিৰ্দলীয় ২গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰিছে ।
এই মনোনয়ন-পত্ৰসমূহ কাইলৈ ১৬ নৱেম্বৰত পৰীক্ষা কৰা হ'ব । মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম সময়সীমা হৈছে অহা ১৯ নৱেম্বৰৰ বিয়লি ৩ বজা । মাজুলীত অহা ৫ ডিচেম্বৰত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।
- Log in to post comments
- 7 views