জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা
আসন্ন পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে জুৰীয়াৰ অগপ, বিজেপি আৰু কংগ্ৰেছ শিবিৰ ৷ ভাগে ভাগে মনোনয়ন-পত্ৰ দাখিল আটাইবোৰ ৰাজনৈতিক দলৰ ৷
পিছপৰি ৰোৱা নাই নিৰ্দলীয় প্ৰাৰ্থীসকলো ৷ চূড়ান্ত হোৱা প্ৰাৰ্থীৰ তালিকাৰ পাছত নিজৰ নিজৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক মতানৈক্য হ'লেও দলীয় প্ৰাৰ্থীক লগত লৈ মনোনয়ন-পত্ৰ দাখিল কৰা পৰিলক্ষিত হয় জিলা উপাযুক্তৰ কাৰ্যালয়ৰ লগতে জুৰীয়া আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়ত ৷
কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত প্ৰাৰ্থী প্ৰদানত হোৱা মনোমালিন্যৰ বাবে নিজৰ দল আৰু বিজেপিৰ পৰিৱৰ্তে অগপক বিশেষভাবে লাভান্বিত কৰিব বুলি আশা কৰা হৈছে ৷
বৰ্তমানৰ চৰকাৰৰ খিলঞ্জীয়াবিৰোধী নীতিয়েই হ'ব অগপৰ আগন্তুক নিৰ্বাচনৰ মূল ইছ্যু ৷ নিৰ্দলীয় প্ৰাৰ্থীসকলে কি প্ৰভাৱ পেলাব সেয়া সময়তহে জানিব পৰা যাব ৷
- Log in to post comments
- 24 views