ইউনিচেফৰ যুৱ এম্বেছাডৰ হিমা দাস

ইউনিচেফৰ যুৱ এম্বেছাডৰ হিমা দাস

এছিয়ান গেমছত এটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক লাভ কৰি দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা হিমা দাসে লাভ কৰিছে বহুকেইটা সন্মান ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত ভাৰতৰ নাম উজলোৱা হিমা দাসক ইউনিচেফ ইণ্ডিয়াই য়ুথ এম্বেছাডৰ হিচাপে নিযুক্তি দিছে ৷

নতুন দিল্লীত অনুষ্ঠিত শিশু দিৱসৰ অনুষ্ঠানত হিমা দাসক ইউনিচেফ ইণ্ডিয়াই এই দায়িত্ব অৰ্পণ কৰে ৷ শিশু আৰু যুৱ প্ৰজন্মৰ অধিকাৰ আৰু প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে কাম কৰিব হিমা দাসে ৷

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত দাঙি ধৰা চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে হিমালৈ সন্মানীয় অৰ্জুন বঁটা আগবঢ়ায় ৷ এডিডাছৰ দৰে বিশ্বৰ প্ৰখ্যাত ক্ৰীড়া সামগ্ৰী নিৰ্মাণ প্ৰতিষ্ঠানে হিমাক দুবছৰৰ বাবে ব্যৱসায়িক চুক্তিত অন্তৰ্ভুক্ত কৰিছিল ৷

শেহতীয়াভাৱে চিমেণ্ট প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ষ্টাৰ চিমেণ্টৰ সৈতে হিমা দাস চুক্তিবদ্ধ হৈছে ৷

চিমেণ্ট কোম্পানীটোৰ প্ৰচাৰৰ ক্ষেত্ৰত হিমাক জড়িত কৰিব ৷ উল্লেখ্য, ইউনিচেফৰ যুৱ এম্বেছাডৰ হিচাপে নিযুক্ত এথলীট হিমা হাস প্ৰথম ভাৰতীয় ৷

Your Comments