নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
নগাঁও জিলাৰ বৃহত্তৰ বেবেজীয়া অঞ্চলৰ প্ৰাণকেন্দ্ৰ বেবেজীয়া চাৰিআলিস্থিত তথা বেবেজীয়া আৰক্ষী চকীৰ গাতে লাগি থকা গধূলি বজাৰখনত দীৰ্ঘদিন ধৰি বিৰাজ কৰা দুৰ্গন্ধময় পৰিবেশৰ বাবে গ্ৰাহক ৰাইজ তথা ব্যৱসায়ীসকল ব্যাপক অসুবিধাৰ সন্মুখীন হৈ আহিছে ।
উল্লেখ্য যে দৈনন্দিন এই বজাৰখনলৈ শাক-পাচলিৰ লগতে মাছ-মাংস আদি কিনিবৰ বাবে বেবেজীয়া অঞ্চলৰ গ্ৰাহকৰ লগতে দূৰণিবটীয়া লোকে গাড়ী ৰখাই বজাৰখনত এভুমুকি মাৰে ।
কিন্তু তাৎপৰ্যৰ কথা এয়ে যে উক্ত বজাৰখনত স্বচ্ছ ভাৰত অভিযান আঁচনিয়ে আজিলৈকে ঢুকি নাপালে । বজাৰখনত বৰ্তমান গ্ৰাহকে নাকত হাত থৈ বজাৰ কৰিবলগীয়া পৰিবেশৰ সৃষ্টি হৈছে । এক অস্বাস্থ্যকৰ আৰু লেতেৰা পৰিৱেশতে ব্যৱসায়ীসকলে বিক্ৰীৰ বাবে সামগ্ৰীসমূহ ৰখাৰ ফলত গ্ৰাহকসকলেও তেনে সামগ্ৰীসমূহকে ক্ৰয় কৰিবলগা হয় ৷
ব্যৱসায়ীসকলেও শাক-পাত, মাছ-মাংস কাটি অৱশিষ্ট আৱৰ্জনাসমূহ বিশৃংখলভাৱে পেলোৱাত বজাৰখনৰ পৰিবেশ অধিক দুৰ্গন্ধময় হৈ পৰিছে ৷ এনে অস্বাস্থ্যকৰ পৰিৱেশৰ পৰা সংগৃহীত নিত্য প্ৰয়োজনীয় সা-সামগ্ৰীসমূহে ক্ৰেতাসকলৰ স্বাস্থ্যত কেনে প্ৰভাব পেলাব, সেয়া সহজেই অনুমেয় ।
উল্লেখ্য যে ডিমৌ-বাংথাই গাঁও পঞ্চায়তৰ পূৰ্বৰ কংগ্ৰেছী সভানেত্ৰীগৰাকীৰ লগতে স্থানীয় কোনো দল-সংগঠন, ব্যৱসায়ী সন্থাই এই দুগৰ্ন্ধময় পৰিবেশ অৱসান ঘটোৱাৰ ক্ষেত্ৰত আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈ সচেতন মহলে ধিক্কাৰ দিছে ।
- Log in to post comments
- 21 views