কোচ ৰাজবংশীক প্ৰতাৰণা : বঙাইগাঁৱত প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ আক্ৰাছুৰ

কোচ ৰাজবংশীক প্ৰতাৰণা : বঙাইগাঁৱত প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ আক্ৰাছুৰ

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দীৰ্ঘদিন ধৰি কোচ ৰাজবংশী জনগোষ্ঠীটোক কৰি অহা প্ৰতাৰণাৰ প্ৰতিবাদত আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত আজি আক্ৰাছুৱে বঙাইগাঁৱত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

কোচ ৰাজবংশীক প্ৰতাৰণা : বঙাইগাঁৱত প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ আক্ৰাছুৰ

আক্ৰাছু নেতা-কৰ্মীসকলে সংগঠনটোৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ৰ সন্মুখৰ মূল ৰাজপথত প্ৰধান মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ লগতে বিজেপি চৰকাৰ হায় হায়, ন' কমতাপুৰ ন' ৰেষ্ট, ন' এছ টি ন' ৰেষ্ট, অসম চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ মিছলীয়া, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, এই জুই জ্বলিছে জ্বলিবই, বিজেপি চৰকাৰ গ' বেক, বিজেপি চৰকাৰ প্ৰতাৰক আদি বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

বঙাইগাঁও জিলা আক্ৰাছুৰ উদ্যোগত ৰূপায়ণ কৰা পুত্তলিকা দাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে বিজেপি চৰকাৰখনে কোচ ৰাজবংশী জনগোষ্ঠীটোক দীৰ্ঘদিন ধৰি কৰি অহা প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ প্ৰতিবাদত আজি আমি জিলাই জিলাই প্ৰধান মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছো আৰু অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলি আমি আমাৰ প্ৰাপ্য আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰ কাঢ়ি আনিম ৷

লগতে জনগোষ্ঠীটোক কৰি অহা প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ প্ৰত্যুত্তৰ আমি বিজেপি চৰকাৰক সময়ত দিম বুলি কয় ৷ ইতিমধ্য আমি আক্ৰাছু, কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাই পঞ্চায়ত নিৰ্বাচনত বিজেপি হাটাও কোচ ৰাজবংশী বাচাও অভিযানৰ কাৰ্যসূচী লৈছো আৰু কমতাপুৰবাসী ৰাইজ, স্বগোষ্ঠীয় সংগঠনৰ লগতে অসমৰ সকলো জাতীয় দল-সংগঠনক বিজেপিবিৰোধী স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

আক্ৰাছুৰ নেতাগৰাকীয়ে চৰকাৰক শীঘ্ৰে কমতাপুৰ আৰু জনজাতিকৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷ অন্যথা বৰ্তমান ধৈৰ্য আৰু সংযম বজাই ৰাখি আক্ৰাছুৱে যি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে সেই ধৈৰ্যৰ বান্ধ পৰৱৰ্তী সময়ত ছিগি গ'লে এতিয়া যিদৰে একাংশ যুৱক-যুৱতীয়ে নিজৰ আত্মমৰ্যাদা তথা নিজৰ ভূমিত জীয়াই থকাৰ বাবে শংকাত ভুগি শংকিত হৈ হাতত অস্ৰ তুলি লৈ বিভিন্ন উগ্ৰপন্থী সংগঠনত যোগদান কৰিবলৈ বাধ্য হৈছে, সেই একে পথেৰে কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলেও যোৱাৰ বাবে কুণ্ঠাবোধ নকৰিব বুলি কয় ৷

তেতিয়া তাৰবাবে কিন্তু কেন্দ্ৰীয় আৰু অসম চৰকাৰ জগৰীয়া হ'ব বুলিও সকীয়াই দিয়ে ৷ পুত্তলিকা দাহ কাৰ্যসূচীত জিলা আক্ৰাছুৰ সভাপতি, সাধাৰণ সম্পাদকৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিয়ষববীয়া, কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ বিয়ষববীয়া আৰু কৰ্মী উপস্থিত থাকে ৷

Your Comments