কামপুৰত দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ'ল স্কুলীয়া ছাত্ৰক

কামপুৰত১দুৰ্বৃত্তই১হত্যা১কৰি১পেলাই১থৈ১গ'ল১স্কুলীয়া১ছাত্ৰক

কামপুৰৰ বকুলগুৰি পদুমনি গাঁৱত ৰহস্যজনকভাৱে ছাত্ৰৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য ।

পুৱা নামাজলৈ বুলি ওলাই গৈ সন্ধানহীন হোৱা জাকাৰিয়া আহমেদ নামৰ ছাত্ৰজনৰ মৃতদেহ বকুলগুৰি মাদ্ৰাছাৰ সমীপত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হয় ৷ দুৰ্বৃত্তই ছাত্ৰজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে ৷

বকুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল জাকাৰিয়া ৷ কামপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷

Your Comments