বৰপেটাৰোডৰ পৰা ৰনজিৎ তালুকদাৰ
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰোডৰ বিষ্ণু জৌতি সৰোবৰৰ মৰা নৈত অগণণ লোকে আজি পালন কৰে আস্থা আৰু বিশ্বাসৰ পৰ্ব ষট্ পূজা । বিষ্ণু জৌতি সৰোবৰৰ ঘাটত কলপুলি পুতি ধূপ-দীপ জ্বলাই সূৰ্য দেৱতাক আৰধনা কৰে ভক্তপ্ৰাণ লোকসকলে ।
বৰপেটাৰোডৰ ষট্ পূজা কমিটীৰ ব্যৱস্থাপনাত এইবেলি ৰূপালী জয়ন্তী বৰ্ষ উদ্যাপিত হৈছে । ষট্ পূজাত বিভিন্ন সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।
আজি বিয়লিৰ পৰা অনুষ্ঠিত সূৰ্য দেৱতাৰ আৰধনা কাইলৈ পুৱা অন্ত পৰিব । সন্ধিয়া অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান ৷
- Log in to post comments
- 9 views