নগাঁও জিলা পৰিষদৰ ২৭ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

নগাঁও জিলা পৰিষদৰ ২৭ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

নগাঁৱৰ পৰা ৱাহিদুদ জামান

অহা পাঁচ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনলৈ মাজত আৰু দুটা দিন বাকী থকা অৱস্থাত ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ বাদে নগাঁও জিলাত কোনো এটা ৰাজনৈতিক দলেই আজি পৰ্যন্ত আনুষ্ঠানিকভাৱে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা নাই।

ফলত উচ্চ ৰক্তচাপত ভুগিবলগীয়া হৈছে কংগ্ৰেছ, অগপ আৰু এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীসকল। লগতে  বিপাঙতো পৰিছে প্ৰাৰ্থিত্বপ্ৰয়াসীসকল। ভাৰতীয় জনতা পাৰ্টি (বিজেপি)য়ে আজি বিয়লি নগাঁও জিলা পৰিষদৰ ২৯ টা সমষ্টিৰ ভিতৰৰ ২৭ টি জিলা পৰিষদ সমষ্টিৰ বাবেই দলীয় প্ৰাৰ্থীৰ নাম আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছে।

প্ৰকাশিত প্ৰাৰ্থীৰ তালিকা অনুসৰি, নগাঁও জিলা পৰিষদৰ অন্তৰ্গত নগাঁও মহকুমাৰ কামপুৰ কঠিয়াতলী জিলা পৰিষদ সমষ্টিত ৰূপাংকৰ বৰদলৈ,বামুণীত হিমানী চমুৱা, পুৰণিগুদামত জিন্টী বৈৰাগী, ভোটাই পাঠৰীত সীমা দাস, শিঙিমাৰী মাধৱপাৰাত টুটু কোঁৱৰ,কচুৱাত নজৰুল ইছলাম, চাপৰমুখত প্ৰমোদ লস্কৰ, জাগীয়ালত কবিতা বৰা, কাছমাৰীত কাঞ্চন পাটৰ বৰদলৈ, ভকতগাঁৱত আছাদুল ইছলাম,

পাখিমৰীয়াত সংগীত ভূঞা, টুকটুকিত গুলজাৰ হুছেইন, বটদ্ৰৱাত দুলূমণি কলিতা, হাতীচোঙত সীমাৰেখা ভৰালী, চাবুকধৰাত অঞ্জু দাস, বাজিয়াত চালমা খানম,চামগুৰিত ৰীতা কাকতি বৰা, আমবাগানত প্ৰেমানন্দ দাস, শিঙিমাৰীত ৰাবীয়া চুলতানা, দ্বাৰ শালনাত চন্দন ঠাকুৰ, দ্বাৰ বাগৰিত জিতেনজিৎ গৌড়, পূৱথৰীয়াত মুণমণি দাসবৰা, ছতিয়াল বৰভগীয়াত ইৰা বৰা, ৰূপহীত ৰুমী শইকীয়া, গড়াজানত খুৰশ্বিদ আলম,

জুৰীয়াত ৰৌচনাৰা বেগম, শিঙিয়াত চবেৱ আহমেদক বিজেপি দলে প্ৰৰ্থীত্ব প্ৰদান কৰিছে।এই প্ৰাৰ্থী সকলে কাইলৈৰ পৰা নিজা মনোনয়ন দাখিল কৰিব।  নগাঁও জিলাত অগপ,কংগ্ৰেছ,এ আই ইউ ডি এফ আদি দল সমূহে নিজ নিজ দলৰ প্ৰাৰ্থীৰতালিকা চূড়ান্ত কৰিবৰ বাবে সঘনাই ইখনৰ পিছত সিখনকৈ সভাত মিলিত হৈছে।

জিলাখনৰ ২৯ টা জিলা পৰিষদ সমষ্টি,১৫৪ খন গাওঁপঞ্চায়ৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়ত সদস্য আৰু১৬৪০ টা গাওঁ পঞ্চায়ৰ সদস্যৰ বাবে পাৰ্থী তালিকা আজি নিশাৰ ভিতৰত চূড়ান্ত কৰিব বুলি দল কেইটাৰ সূত্ৰই প্ৰকাশ কৰিছে। জিলা পৰিষদ সমষ্টি প্ৰাৰ্থী চূড়ান্ত কৰিবৰ বাবে দল কেইটাৰ জিলা সমিতি সমূহে প্ৰাৰ্থী তালিকা ইতিমধ্যে দল কেইটাৰ ৰাজ্যিক সমিতিলৈ প্ৰেৰণ কৰিছে।

নগাঁও জিলাত পঞ্চায়ত দখল কৰিবৰ বাবে কংগ্ৰেছ, বি জে পি, অগপ আৰু এ আই ইড ডি এফে তৎপৰতা অব্যাহত ৰাখিছে। শাসনাধিষ্ঠ বি জে পি মিত্ৰজোটৰ চৰকাৰ দুই অংশীদাৰ বি জে পি আৰু অগপই পৃথকে পৃথকে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱাত জিলাখনত ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ সম্ভাৱনা আছে।

২০১৬ চনৰ নিৰ্বাচনত নগাঁও জিলাৰ ৮ টা বিধানসভাৰ সমষ্টিৰ ভিতৰত অ গ প, বিজেপি মিত্ৰজোটে ৫ টাকৈ বিধানসভা সমষ্টি দখল কৰি শক্তিশালী স্থিতি দখল কৰিছিল। কিন্ত এতিয়া অগপ বিজেপিয়ে পৃথকে পৃথকে নিৰ্বাচন খেলিবলৈ তৎপৰ হৈ পৰাত দুয়োটা দল প্ৰত্যাহবানৰ সন্মূখীন হব।

এই প্ৰত্যাহবান দুয়োটা দলে কেনেকৈ প্ৰতিৰোধ কৰিব পাৰে তাৰ ওপৰতেই অগপ, বিজেপিৰ সফলতা নিৰ্ভৰ কৰিব। অগপ বিজেপি এই যুযুধান স্থিতিৰ বিপৰীতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলেও ৰণনীতি প্ৰস্তুত কৰি নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে।জিলা খনৰ ৰহা, বটদ্ৰৱা, নগাঁও সদৰ, বঢ়মপুৰ, চামগুৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত জিলা পৰিষদ সমষ্টি।সমূহৰ অধিকাংশতে অগপ-বিজেপিৰ ভোট বিভিজনে দুয়োটা দলকেই ক্ষতি কৰাৰ সম্ভাৱনা আছে।

আনহাতে, আজি দুজনকৈ নিৰ্দলীয় প্ৰাৰ্থীয়ে নগাঁৱত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে।মৈৰাধ্বজ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী বাহাৰুল ইছলামে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ বিপৰীতে একেটা পঞ্চায়তৰ সদস্য পদল বাবে ৰজনী কান্ত নাথেও নিৰ্দলীয় প্ৰাৰ্থী ৰূপে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ।

Your Comments