মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
বিহাৰী সম্প্ৰদায়ৰ আধ্যাত্মিক অনুষ্ঠান ষট্ পূজা জেংৰাইমুখ তিনিআলিৰ সমীপত অৱস্থিত খেৰকটীয়া নৈৰ পাৰত আজিৰে পৰা দুদিনীয়াকৈ উলহ-মালহেৰে আৰম্ভ হৈছে ।
জেংৰাইমুখত থকা বিহাৰী সম্প্ৰদায়ৰ মহিলাসকলে আবেলি তিনি বজাৰ লগে লগে ঠেকুৱাক প্ৰধান প্ৰসাদৰ লগতে নাৰিকল, আপেল, আঙুৰ, কমলা, টিকিৰা, আনাৰস, কুঁহিয়াৰ, নাচপতি, মধুৰী, বৰটেঙা, মূলা, গাজৰ, তিঁয়হ, হালধি, মিঠা আলু, গাজৰ, কল, চিংৰা, সুতনি, চাউল, পিঠাগুৰি আদি বিভিন্ন ফলমূল তথা প্ৰসাদসমূহৰ জৰিয়তে সূৰ্য দেৱতা আৰু সূৰ্য দেৱতাৰ ভনী চঠীময়াক সাক্ষী কৰি নৈৰ পানীত নামি সূৰ্যঅস্ত যোৱাৰ সময়ত ধূপকাঠি, চাকি-বন্তি জ্বলাই পূজা-অৰ্চনা কৰে ।
সম্পূৰ্ণ নতুন বস্ত্ৰৰে বিভিন্ন ফলমূল, প্ৰসাদেৰে প্ৰথমদিনা পানীৰে সূৰ্য দেৱতা তথা চঠীআইক পাঁচবাৰ জল দি চাকি-বন্তি নৈত উটুৱাই দি সকলো অপায়-অমংগল দূৰ কৰি জীৱনৰ সপোন পূৰ কৰাৰ কামনা কৰে ।
পবিত্ৰ অন্তৰেৰে এই পূজা-অৰ্চনা কৰিব পাৰিলে অন্তৰ শুদ্ধ হোৱাৰ লগতে জীৱনৰ সকলো আশা-আকাংক্ষা পূৰ্ণ কৰিব পাৰে বুলি যুগ যুগ ধৰি বিশ্বাস কৰি আহিছে বিহাৰী সম্প্ৰদায়ৰ লোকসকলে ।
বিহাৰী সম্প্ৰদায়ৰ লগতে বেংগলী সম্প্ৰদায়ৰ লোকসকলে এই ষট্ পূজাত জড়িত হৈ পূজা-অৰ্চনা কৰে । ইপিনে কাইলৈ দ্বিতীয়দিনা পুৱা সূৰ্যোদয়ৰ সময়ৰ বাবে আগতীয়াকৈ অপেক্ষা কৰি থাকিব এই ধৰ্মাৱলম্বী লোকসকলে ।
সেইদিনাও সম্পূৰ্ণ নতুন বস্ত্ৰ পৰিধানেৰে নতুন ফলমূল, প্ৰসাদ তথা গাখীৰৰ দ্বাৰা পূজা-অৰ্চনা কৰিব । জেংৰাইমুখত দুদিনীয়াকৈ উদ্যাপন কৰিবলৈ লোৱা বিহাৰী সম্প্ৰদায়ৰ এই ষট্ পূজাত হ'ব পৰা সম্ভাৱ্য আকস্মিক দুৰ্ঘটনাৰ মোকাবিলা কৰিব পৰাকৈ মাজুলী জিলা প্ৰশাসনে অগ্নিনিৰ্বাপকৰ এখন গাড়ী আৰু এছ ডি আৰ এফৰ পাঁচজনীয়া ডুবাৰু কৰ্মী আৰু ডুবাৰু মেচিন নাও মজুত কৰি ৰাখিছে ।
- Log in to post comments
- 6 views