জুৰীয়া উন্নয়ন খণ্ডত ঋণমুক্ত প্ৰমাণ-প্ৰত্ৰ দিয়াৰ নামত ধন সংগ্ৰহ

জুৰীয়া উন্নয়ন খণ্ডত ঋণমুক্ত প্ৰমাণ-প্ৰত্ৰ দিয়াৰ নামত ধন সংগ্ৰহ

জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা

পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ বিচাৰি হাবাথুৰি খাইছে প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলে । ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে জুৰীয়া উন্নয়ন খণ্ডৰ একাংশ কৰ্মচাৰীয়ে ৷

https://www.newsasn.com/node/3063

প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলৰ পৰা কেনেকৈ ধন সংগ্ৰহ কৰিছে তাৰ নমুনা এয়া ৷ জুৰীয়া উন্নয়ন খণ্ডত থকা আঞ্চলিক পঞ্চায়ত কাৰ্যালয়ৰ পৰা প্ৰয়োজন হোৱা ঋণমুক্ত প্ৰমাণ-পত্ৰৰ বাবদ পঞ্চায়ত ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলৰ পৰা ২০০ৰ পৰা ৩০০ টকা পৰ্যন্ত আদায় লৈছে এওঁলোকে ।

উন্নয়ন খণ্ড কাৰ্যালয়ত নতুনকৈ বদলি হৈ অহা জনৈক নাথ নামৰ বিডিঅ"গৰাকীয়ে ২০ টকাকৈহে তুলিবলৈ দিছিল । বিডিঅ' ছাৰে নিৰ্দেশ দিছে যেতিয়া ৰৈ থাকেনো কেনেকৈ ।

https://www.newsasn.com/node/3063

প্ৰাৰ্থী আৰু তেওঁলোকৰ সমৰ্থকৰ পৰা ধন সংগ্ৰহৰ বাবে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক সাৰথি কৰি একাংশ লোকক বহুৱাই অতি কৌশলেৰে অবৈধভাৱে ধন সংগ্ৰহ কৰা এই খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলসমূহৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে জুৰীয়া আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত মুঠ ২২টা গাঁও পঞ্চায়ত এলেকাৰ ২২০টা ৱাৰ্ড সদস্য পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব । 

Your Comments