নামৰূপত আৰম্ভ ষট্‌ পূজা : নৈবেদ্যসহ দিল্লী নদীত ভক্তৰ পূজা-অৰ্চনা

নামৰূপত আৰম্ভ ষট্‌ পূজা : নৈবেদ্যসহ দিল্লী নদীত ভক্তৰ পূজা-অৰ্চনা

নামৰূপৰ পৰা সমীৰণ বৰুৱা

সমগ্ৰ ৰাজ্যৰ লগতে নামৰূপত সূৰ্য দেৱতাক উপাসনা কৰাৰ উদ্দেশ্যে ষট্‌ পূজাৰ আৰম্ভ হৈছে । সূৰ্য দেৱতাক পূজা-অৰ্চনা কৰাৰ বাবে ভক্তৰ লানিনিছিগা সোঁত নদীৰ পাৰলৈ ।

আৰম্ভ হৈছে নৈবেদ্যসহ ষট্‌ মালৈ পূজা আগবঢ়োৱা পৰ্ব । নদীৰ পাৰত আয়োজন কৰা ষট্‌  পূজাস্হলীত ভক্তৰ সমাগমে অন্য দেৱৰাজ্যলৈ পৰিণত কৰিছে নামৰূপৰ দিল্লী নদীৰ বাকৰি ।

উল্লেখ্য যে পূৰ্বতে এই পৱিত্ৰ ষট্‌ পূজা মুষ্টিমেয় কেইজনমান বিহাৰী সম্প্ৰদায়ৰ লোকে আৰাম্ভ কৰিছিল যদিও বৰ্তমান জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মাৱলম্বী লোকে ইয়াত অংশগ্ৰহণ কৰে ।

ঘৰৰ মুৰব্বীজনে তিনিদিন ধৰি উপবাসে থাকি সূৰ্য দেৱতাক নৈবেদ্য দি পূজা-আৰধনা কৰিলে মনোবাঞ্চা পূৰণ হয় বুলি এক লোকবিশ্বাস আছে ।
 

Your Comments