ৰহাৰ পৰা কুঞ্জ কাকতি
লাউফুলাবড়ি আঞ্চলিক ক্ৰীয়া সন্থাৰ উদ্যোগত ৰহা উন্নয়ন খণ্ডৰ খেলপথাৰত চলি থকা মোহনসিং পাটৰ আৰু লক্ষীকান্ত কোঁৱৰ সোঁৱৰণি চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন মঙলবাৰে অনুষ্ঠিত হয় ৷
মুঠ ৮টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলখনত অংশগ্ৰহণ কৰে খলিহামাৰীৰ ধীৰাজ ফুটবল একাদশ আৰু আঁহতগুৰিৰ ৰূপাইবড়ি ফুটবল একাদশে ৷
তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত ধীৰাজ ফুটবল একাদশে ৰূপাইবড়ি ফুটবল একাদশক ৩-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে ৷ খেলখন পৰিচালনা কৰে চন্দীপ ডেকাৰজা, অশোক সেনাপতি আৰু অম্বিকা ডেকাদলৈয়ে ৷
খেলখনত উপস্থিত থাকে ৰহা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভাস্কৰ বৰবৰা, নগাঁও জিলা অনসুচিত জাতি উন্নয়ন পৰিষদৰ সভাপতি দীপ দাস, ক্ৰীয়া ভাৰতী, নগাঁৱৰ কেইবাজনো বিষয়ববীয়া ৷
- Log in to post comments
- 11 views