পঞ্চায়ত নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতাত নামিব অগপই : বীৰেন্দ্ৰ প্ৰসাদ বৈশ‍্য 

s

আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলে অকলে নিৰ্বাচনত প্ৰতিদন্দিতাত নামিব । বিজেপিৰ সৈতে মিত্ৰতা হোৱাৰ প্ৰশ্নই  নাই । নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰনতে মানি লোৱা নহ'ব আইনত পৰিণত হ'বলৈ দিয়া নহব, অগপৰ স্পষ্ট কথা এই মন্তব‍্য কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ‍্যই ।

কলাইগাঁও সমষ্টিৰ টেঙাবাৰীত অগপৰ কৰ্মী সভাত সংকল্প গ্ৰহন কৰি আগন্তুক নিৰ্বাচনত অগপ দলে পঞ্চায়ত দখল কৰিব বুলিও মন্তব‍্য কৰে । প্ৰাক্তণ বিধায়ক মুকুন্দৰাম চৌধুৰী,মহেন্দ্ৰ মোহন ৰায়চৌধুৰী, যাদৱ শইকীয়া, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হবিবৰ ৰহমানকে ধৰি কেইবাগৰাকীও নেতা কৰ্মীৰ লগতে দহটা পঞ্চায়তৰ প্ৰতিনিধি উপস্থিত থাকে ।

Your Comments