গণ প্ৰহাৰ, ছুপ্ৰিম কৰ্টৰ নিৰ্দেশ আৰু আমাৰ চিন্তা

গণ প্ৰহাৰ, ছুপ্ৰিম কৰ্টৰ নিৰ্দেশ আৰু আমাৰ চিন্তা

                      জমিৰউদ্দিন তালুকদাৰ


দলবদ্ধ হত্যা এতিয়া সাধাৰণ কথাত পৰিণত হৈছে ৷ দেশৰ অ'ত ত'ত এনে ঘটনা নৈমিত্তিক ঘটিবলৈ ধৰিছে ৷ কেতিয়াবা গো-ৰক্ষকৰ তাণ্ডৱ আকৌ আন কেতিয়াবা সোপাধৰাৰ নামত হত্যা৷ এনে হত্যাৰ বলি অকল যে এটা সম্প্ৰদায় হৈছে তেনে নহয় ৷ এনে গণ উন্মাদনাই হত্যা কৰিছে হিন্দু-মুছলিম উভয়ক ৷ এই ঘটনাই দেশৰ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে সামাজিক স্তৰতো ক্ৰিয়া কৰিছে ৷ কিছুদিন পূৰ্বে দিল্লীত এনে হত্যাৰ বিৰুদ্ধে "নট ইন মাই নেম" নামৰ এক কেম্পেইনো হয় ৷ যত হাজাৰ হাজাৰ লোকে অংশ লয় ৷ সাধাৰণ ৰাইজৰ লগতে মব লিঞ্চিং অৰ্থাৎ সুনিয়োজিত ভিৰৰ দ্বাৰা মৰিয়াই মৰিয়াই বিশেষ সম্প্ৰদায়, গোষ্ঠীৰ লোকক হত্যা কৰাৰ ঘটনাই দেশৰ সৰ্বোচ্চ আদালতকো চিন্তিত কৰি তুলিছে ৷ এই ঘটনাবোৰ প্ৰতিৰোধৰ বাবে দিশা নিৰ্দেশ প্ৰদান কৰিবলৈ তেহচিন পুনাৱালা আৰু তুষাৰ গান্ধীয়ে সৰ্বোচ্চ আদালতত এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন কৰিছিল ৷ সেই আবেদনৰ ওপৰত সৰ্বোচ্চ আদালতে শুনানী গ্ৰহণ কৰি যোৱা ১৭ জুলাইত কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰবোৰলৈ নিৰ্দেশ প্ৰদান কৰে ৷ সেই নিৰ্দেশত ৰাজ্য চৰকাৰবোৰক আৰু কেন্দ্ৰ চৰকাৰক আগন্তুক ৪ মাহৰ ভিতৰত মব লিঞ্চিং (দলবদ্ধ হত্যা, আক্ৰমণ) সম্পৰ্কে কঠোৰ আইন প্ৰণয়নৰ নিৰ্দেশ দিয়ে ৷ দলবদ্ধ হত্যাই যে দেশত অকল মুছলমান সম্প্ৰদায়ক ক্ষতি কৰিছে বা এই সকল বলি হৈছে তেনে নহয় দলিত, হিন্দু সকলো সমানে বলি হৈছে ৷ সৌসিদিনা সোপাধৰাৰ সন্দেহত অসমৰ কাৰ্বি আংলং জিলাৰ ডকমকাত অভিজিৎ আৰু নিলোৎপল নামৰ দুই চফল ডেকাৰ কৰুণ মৃত্যু তাৰ সাক্ষী ৷  indiaspend.com নামৰ পৰ্টেলটোত প্ৰকাশিত বাতৰি মতে, ১ জানুৱাৰী ২০১৭ চনৰ পৰা ৫ জুলাই ২০১৮ পৰ্যন্ত দেশৰ ভিন্ন প্ৰান্তত মব লিঞ্চিঙৰ ৬৯ টা ঘটনা সংঘটিত হয় ৷ এই ঘটনাত ৩৩ জন লোকৰ মৃত্যু ঘটে আৰু ৯৯ জন লোক আহত হয় ৷ ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰৰ তথ্য মতে এই সময়ছোৱাত পশ্চিম বংগত সোপাধৰা আৰু শিশু অপহৰণৰ নামত দলবদ্ধ ৪ টা আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷ যত ৩ জন লোক নিহত হয় ৷ একেদৰে ত্ৰিপুৰাত ৩ টা ঘটনা সংঘটিত হয় ৷ নিহত হয় তিনি জন লোক ৷ তেলেংগানাত ৪ টা ঘটনা সংঘটিত হয়, নিহত হয় ৪ জন লোক ৷ তামিলনাডুত ১২ টা মবলিঞ্চিঙৰ ঘটনা সংঘটিত হয় ৷ যত ৪ জন লোক নিহত হয় ৷ ৰাজস্তানত সংঘটিত এটা ঘটনাত নিহত হয় এজন লোক ৷ উড়িশাত ১৫ টা এনে উৰা বাতৰিৰ দ্বাৰা আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷ নিহত হয় এজন লোক ৷ মনিপুৰ, মধ্যপ্ৰদেশ, কেৰেলা, ছত্তিশগড়, অন্ধ্ৰপ্ৰদেশত এটাকৈ ঘটনা সংঘটিত হয় যদিও কোনো লোক নিহত হোৱা নাই ৷ মহাৰাষ্ট্ৰত ৪ টা ঘটনাত ৫ জন লোক নিহত হয় ৷ ঝাৰখণ্ডত ২ টা লিঞ্চিঙৰ ঘটনাত ৭ জন লোক নিহত হয় ৷ গুজৰাটত ৩ টা ঘটনাত এজন লোক নিহত হয় ৷ অসমত উৰাবাতৰি, সোপাধৰাৰ সন্দেহত ৬ টা ঘটনা সংঘটিত হয়, যত নিহত হয় ৩ জন লোক ৷ এনে ঘটনাসমূহ নিৰীক্ষণ কৰা সকলৰ মতে, সোপাধৰাৰ আতংক, গোৰক্ষা বাহিনীৰ মাজত উন্মাদনা বিয়পাবলৈ ফেচবুক, ৱাটচএপৰ আশ্ৰয় লোৱা হয় আৰু ইয়াৰ জৰিয়তে মানুহৰ মাজত প্ৰচাৰ কৰা হয় ৷ ইয়াৰ দ্বাৰা সাধাৰণ মানুহবোৰ প্ৰৰোচিত হয়, হত্যাৰ প্ৰতি উন্মাদ হৈ উঠে ৷ দেশত গো-ৰক্ষাৰ নামত সংঘটিত হত্যাৰ আঁৰত বিশেষ এক মতাদৰ্শ, ধৰ্ম আৰু ৰাজনৈতিক দলৰ প্ৰতি নিষ্টা থকা লোকৰ হাত থকা বুলি বহু ৰাজনৈতিক পৰ্যবেক্ষকে মন্তব্য কৰিছে ৷ যিসময়ত উৰাবাতৰিৰ দ্বাৰা সংঘটিত হত্যাৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিবলৈ দেশৰ সৰ্বোচ্চ আদালতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰবোৰক নিৰ্দেশ দিছে ৷ সেই সময়ত মব লিঞ্চিঙৰ দৰে ঘটনাত অভিযুক্তক বিজেপি দলৰ মন্ত্ৰীয়ে ফুলৰ মালা পিন্ধাই সম্বৰ্ধনা জনোৱা খবৰ দেশৰ বাবে লজ্জাৰ বিষয় ৷ অলপতে কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত সিনহাই ঝাৰখণ্ডৰ ৮ জন গোৰক্ষা বাহিনীৰ সদস্যক ফুলৰ মালা পিন্ধাই সন্মানিত কৰে ৷ গো মাংস লৈ যোৱাৰ সন্দেহত এইসকল উন্মাদ গো-ৰক্ষক বাহিনীয়ে আলিম উদ্দিন আনচাৰী নামৰ লোক এজনক মৰিয়াই মৰিয়াই হত্যা কৰাৰ লগতে তেওঁৰ গাড়ীখনকো জ্বলাই দিছিল ৷ এইসকলক পুলিছে জেলত প্ৰেৰণ কৰিছিল যদিও দুৰ্বল চাৰ্জশ্বীটৰ বাবে এইসকলে জেলৰ পৰা জামিনত মুক্তি লাভ কৰে ৷ জেলৰ পৰা মুক্তি লাভ কৰা গোৰক্ষক সকলক প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ বিসম্বাদী নেতা যশৱন্ত সিনহাৰ পুত্ৰ তথা মোদী চৰকাৰত কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত সিনহাই ফুলৰ মালা পিন্ধাই সন্মান জনায় ৷ বিহাৰৰ বিজেপি নেতা গিৰিৰাজ সিঙে ভাগলপুৰ সাম্প্ৰদায়িক সংঘৰ্ষত জড়িত আচামীৰ সৈতে গৈ নাবাদা জেলত গৈ সাক্ষাৎ কৰে ৷ পৰ্যটন মন্ত্ৰী মহেশ শৰ্মাই উত্তৰ প্ৰদেশৰ দাদ্ৰীৰ মোহাম্মদ আখলাক হত্যাত জড়িত এজন মৃত অভিযুক্তৰ শেষকৃত্যত চামিল হয় ৷ ৰবী চিচদিয়া নামৰ লোকজনক ত্ৰিৰংগাৰে মেৰিয়াই শেষকৃত্য কৰা হয় ৷ সেই অনুষ্ঠানত মহেশ শৰ্মা নিজেই উপস্থিত আছিল ৷ গণ প্ৰহাৰ, গো-ৰক্ষাৰ নামত হত্যা, সোপাধৰাৰ নামত হত্যাই দেশজুৰি বিভীষিকাৰ সৃষ্টি কৰাৰ সময়ত দেশৰ প্ৰধান সেৱক গৰাকী নীৰৱ-নিৰ্বিকাৰ ৷ এনে সময়ত দেশৰ সৰ্বোচ্চ আদালতৰ দিক-নিৰ্দেশনা কিমানখিনি কামত আহে সেয়া সময়ে স্পষ্ট কৰিব ৷ অতি পৰিতাপৰ বিষয়টো হল দেশৰ প্ৰধান সেৱক গৰাকীয়ে গো-ৰক্ষাৰ নামত দেশত চলি থকা হত্যা সম্পৰ্কে টু শব্দ এটাও প্ৰকাশ কৰা নাই ৷ নিজৰ মন্ত্ৰীৰ আচৰণ সম্পৰ্কে তেখেত নিমাত ৷ এনে অৱস্থাত সৰ্বোচ্চ আদালতৰ এই নিৰ্দেশক কেন্দ্ৰীয় চৰকাৰ বা দেশৰ ৰাজ্য চৰকাৰবোৰে কিমান ৰূপায়ন কৰে সেয়া সময়ে স্পষ্ট কৰিব ৷ আমাৰ কথা হল, গোৰক্ষাৰ নামত নিৰীহক হত্যা, সোপাধৰাৰ নামত হত্যাবোৰ বন্ধ কৰিবলৈ চৰকাৰে যিমান পাৰে সোনকালে এখন কঠোৰ আইন ৰূপায়ন কৰক ৷ গণ উন্মাদনা সৃষ্টিৰ কাৰক সামাজিক মাধ্যম ফেচবুক, ৱাটচএপৰ ওপৰত কাঢ়া দৃষ্টি ৰাখক ৷ চৰকাৰে বা এই কথাবোৰ কিমান হৃদয়ংগম কৰে সেয়া লক্ষনীয় হ'ব ৷

Your Comments