কঠীয়াতলীত ৰখাই অৱস্থাতে জ্বলি ছাই হ'ল টেম্পো

কঠীয়াতলীত ৰখাই অৱস্থাতে জ্বলি ছাই হ'ল টেম্পো

শুকুৰবাৰে নিশা নগাঁৱৰ কঠীয়াতলীত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । নিশা টেম্পো ষ্টেণ্ডত ৰখাই থোৱা অৱস্থাত দপদপকৈ জ্বলি ছই হয় এখন টেম্পো ।

টেম্পোখন কামপুৰ তেলীয়াআটিৰ নিপন বৰাৰ বুলি জানিব পৰা গৈছে । স্থানীয় ৰাইজে জুই নুমুৱাবলৈ যত্ন কৰে যদিও জুইত সম্পূৰ্ণৰূপে জাহ যায় টেম্পোখন । কথমপি ৰক্ষা পৰে ষ্টেণ্ডত ৰখাই থোৱা আন ৬খন টেম্পো ।

কি কাৰণত অগ্নিকাণ্ড সংঘটিত হ'ল সেয়া পোহৰলৈ অহা নাই যদিও কোনো দুৰ্বৃত্তই টেম্পোখন জ্বলাই দিয়া বুলি সন্দেহ কৰিছে ৰাইজে ।

ৰাইজে জুই নুমোৱাৰ বহুত পাছতহে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।
 

Your Comments