কলাইগাঁৱত আন্তঃৰাজ‍্যিক পাৰপত্ৰ ব‍্যৱস্থা প্ৰৱৰ্তনৰ দাবীত জোঁৰ সমদল

s

অসমত আন্তঃৰাজ‍্যিক পাৰ-পত্ৰ ব‍্যৱস্থা প্ৰৱৰ্তনৰ দাবীত বৃহস্পতিবাৰে সন্ধিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলাইগাঁও আঞ্চলিক সমিতিয়ে জোঁৰ লৈ সমদল উলিয়াই । ১৯৭৮ চনৰ ১২ মাৰ্চত অসমত দ্বি-নাগৰিকত্ব প্ৰৱৰ্তন, আন্তঃৰাজ‍্যিক পাৰ-পত্ৰ ব‍্যৱস্থা প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গঠন কৰা হৈছিল ।

সুদীৰ্ঘ ৩৮ বছৰে সংগঠনটোৱে এই দাবীসমূহ পূৰণৰ দাবীত নিৰবচিন্নভাৱে আন্দোলন কৰি আহিছে । যুৱ ছাত্ৰ পৰিষদৰ কলাইগাঁও আঞ্চলিক সমিতিৰ সভাপতি দীপজ‍্যোতি শৰ্মা, সাধাৰণ সম্পাদক পংকজ চহৰীয়াৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে কলাইগাঁও চহৰৰ মাজেৰে হাতে-হাতে জোঁৰ লৈ প্ৰতিবাদ সাব‍্যস্ত কৰে ।

Your Comments