কলিয়াবৰত কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত জাতীয় ছহিদসকলৰ সোঁৱৰণত দুদিনীয়া কাৰ্যসূচীৰে ছহিদ দিৱস আয়োজন কৰা হৈছে। আজি প্ৰথমদিনৰ কাৰ্যসূচী সদৌ অসম কলিয়াভোমোৰা মাৰাথান দৌৰ প্ৰতিযোগিতাৰ উদ্বোধন কৰে কলিয়াবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে। কুঁৱৰীটোলৰ পৰা নলতলি জখলাবন্ধা হৈ কুঁৱৰীটোলত সমাপ্ত কৰা প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰৰ প্ৰায় ১০০ৰ অধিক প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৷
সন্ধ্যা ৬ বজাৰ পৰা আৰম্ভ হ'ব লগা সদৌ অসম ছহিদ নৰেন্দ্ৰ নাথ সোঁৱৰণী একাঙ্কিকা নাট প্ৰতিযোগিতা খনি উদ্বোধন কৰিব অসম নাট্য সন্মিলন, নগাঁও জিলাৰ সভাপতি কামাখ্যা প্ৰসাদ শৰ্মাই। নাটক সমূহ ক্ৰমে- এটা প্ৰশ্ন- গামোচা, বিশ্বনাথ চাৰিআলি, কোঠালী- বোকা, চতিয়া, অন্তিম যুঁজ- ঈগল, গুৱাহাটী, হাঁহিৰ ফুলবোৰ ফুলিবই- জ্যোতি শিল্প, নগাঁও, প্ৰেমৰ সজ্ঞা বিচাৰি- নৱসৃষ্টি সাংস্কৃতিক গোষ্ঠী,পুৰণিগুদাম, দৃষ্টি- নটতীৰ্থ, গুৱাহাটী, নতুন দিনৰ পজ্ঞা-উইংচ, মৰিগাওঁ, অপৰিচিত- আৰোহন, মৰান, আলাপ-জাগিৰোদ মহাবিদ্যালয় একটিং দিপাৰ্টমেন্ট, কেকোঁৰা-ঠেউকি নাট্যগোষ্ঠী কলিয়াবৰ, হাঁহি কান্দোনৰ ফেন্টাছি- মিৰদান সাংস্কৃতিক গোষ্ঠী, চামগুৰি, মৰ্মান্তিক- যাত্ৰা নাট্য গোষ্ঠী, কলিয়াবৰ আৰু অ ফুল অ ফুল নুফুল কিয়- আবিৰ, তেজপুৰক লৈ মুঠ ১৩ টা নাট্যদলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।
অহাকাইলৈ বিভিন্ন কাৰ্যসূচীৰ লগতে সন্ধিয়া ৫ বজাত ৮৬৯ গৰাকী ছহিদক সুঁৱৰি কলিয়াবৰৰ ৮৬৯ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৮৬৯ গছি বন্তি প্ৰজ্বলন কৰিব। ইফালে আজি হৈ যোৱা মাৰাথান দৌৰ প্ৰতিযোগিতাত মাৰ্ঘেৰিটাৰ সঞ্জয় ভূমিজে প্ৰথম স্থান, ডিগবৈৰ মানছিদ উৰিয়াই দ্বিতীয় স্থান, গোলাঘাটৰ খগেন কুৰমীয়ে তৃতীয় স্থান, গুৱাহাটীৰ ছফিকুল ইছলামে চতুৰ্থ স্থান অধিকৰা কৰা মুঠ ১১ গৰাকী প্ৰতিযোগীক নগদ মাননী আৰু মানপত্ৰৰে পুৰস্কাৰ প্ৰদান কৰে।
- Log in to post comments
- 32 views