কামপুৰৰ পৰা ৰূপজ্য়োতি ভূঞা
সন্ধিয়া হ'লেই বাজি উঠে 'মানুহে মানুহৰ বাবে', 'কপিলী- কপিলী ৰাংঢালী ছোৱালী','জিন্দাবাদ মেণ্ডেলা' । সাত বছৰে কামপুৰত সুধাকণ্ঠৰ সৃষ্টিৰাজিক জীপাল কৰাৰ প্ৰয়াস । সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা সদায় আছে অসমীয়াৰ হৃদয়ত । সকলোৰে আপোন ভূপেনদাৰ স্মৃতি আজিও সজীৱ হৈ আছে অসমীয়াৰ জনজীৱনত । কালজয়ী শিল্পীজন আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ পিছত অসমত লক্ষ লক্ষ লোক শোকত মৰ্মাহত হৈ পৰিছিল যদিও ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু ৰাভাৰ দৰে ভূপেনদাৰো অকল দিৱস পাতিয়েই অসমবাসীয়ে জন্ম আৰু মৃত্যুৰ দিন দুটাত মনত পেলাব নেকি ? ভূপেনদাৰ মৃত্যুৰ পিছত শিল্পীগৰাকীক বেছিকৈহে চৰ্চা কৰিবলৈ লোৱা হৈছে ।
সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ ব্যাপক চৰ্চাই অসমৰ নৱপ্ৰজন্মক সমাজৰ প্ৰতি, অসমীয়াৰ প্ৰতি দায়বদ্ধ হ'বলৈ প্ৰেৰণা যোগায় । নৱ প্ৰজন্মই সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ সৈতে একাত্মবোধ প্ৰকাশ কৰাৰ সুবিধা পোৱাৰ লগতে তেওঁক জানিবলৈ সক্ষম হ'ব । অন্য এক লক্ষ্য আগত ৰাখিয়েই নগাঁও জিলাৰ অন্যতম সাংস্কৃতিক প্ৰাণকেন্দ্ৰ কামপুৰৰ সামাজিক অনুষ্ঠান 'আচপাচ'ৰ প্ৰচেষ্টাত প্ৰতিদিনে সন্ধিয়া হৈ আহিলেই সমগ্ৰ কামপুৰ নগৰত প্ৰতিটো এলেকাত বাজি উঠে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ । সুধাকণ্ঠৰ মহাপ্ৰয়াণৰ সময় বিয়লি ৪:৩৭ বজাত কামপুৰবাসীৰ কাণত প্ৰতিধ্বনিত হয় 'কপিলী কপিলী ৰাংঢালী ছোৱালী', 'জিন্দাবাদ মেণ্ডেলা', 'মই এটি যাযাবৰ', 'মানুহে মানুহৰ বাবে'ৰ দৰে কালজয়ী গীতসমূহ ।
এই কালজয়ী গীতসমূহে প্ৰতিদিনে সন্ধিয়া জীপাল কৰি তোলে কামপুৰবাসীক । কামপুৰৰ 'আচপাচ'ৰ এই প্ৰচেষ্টাত ভূপেনদাৰ প্ৰতি নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকল আকৰ্ষিত হৈছে । 'আচপাচ'ৰ একনিষ্ঠ কৰ্মী সাংবাদিকদ্বয় ক্ৰমে সমৰেন্দ্ৰ নাৰায়ণ বৰা আৰু নীলকমল শইকীয়াই শিল্পীগৰাকীৰ লগতে তেওঁৰ সৃষ্টিৰাজিক জীয়াই ৰাখিবৰ বাবে নৱপ্ৰজন্মৰ মাজত প্ৰচাৰৰ বাবে সংকল্প লৈছিল শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ দিন ২০১১ চনৰ ৫ নৱেম্বৰত ।
ঐকান্তিক নেৰানেপেৰা প্ৰচেষ্টা আৰু কামপুৰৰ শিল্পীপ্ৰাণ ৰাইজৰ সহযোগিতাৰ বাবে আগবাঢ়িল এক প্ৰশংসনীয় পদক্ষেপ । তেওঁলোকৰ এই প্ৰচেষ্টাত অৰিহণা যোগালে অঞ্চলটোৰ কেইগৰাকীমান উদীয়মান যুৱক, সংবাদকৰ্মীকে ধৰি বিভিন্নজনে । উল্লেখ্য যে, ডঃ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি গীত সমূহ তেওঁৰ মহাপ্ৰয়াণৰ সময় ৪:৩৭ বজাৰ পৰা ৫:৩৭ বজালৈ প্ৰতি সন্ধিয়া কামপুৰৰ নগৰৰ ৰাজহুৱা স্থানত তেওঁৰ মৃত্যুৰ দিনৰ পৰাই মাইক যোগে বজাই থকা হৈছে । বৰ্তমান সপ্তম বৰ্ষত ভৰি দিছে ।
ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহৰ ব্যাপক চৰ্চাৰ লক্ষ্যৰে 'আচপাচে' অব্যাহত ৰখা এই প্ৰশংসনীয় পদক্ষেপ অনাগত দিনতো চলি থাকিব বুলি 'আচপাচ'ৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিয়ে ।
- Log in to post comments
- 23 views