এক নবেম্বৰৰ পৰা গুণোৎসৱ, আন্তঃগাঁথনিৰ অভাৱত শিক্ষাৰ্থীৰ দুৰ্ভোগ 

aa

যি খিনি সময়ত চৰকাৰে গুণোৎসৱ অনুস্থিত কৰি শিক্ষাৰ মানদণ্ড নিৰুপনৰ বাবে লাখ লাখ টকা খৰচ কৰিছে তেনেসময়ত বহু চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়নেই হোৱা নাই । বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ডেক্স-বেঞ্চ আৰু বিদ্যালয় গৃহৰ অভাৱত গছৰ তলত মাটিত বহি শিক্ষাগ্ৰহণ কৰিব লগা হৈছে । কেমেৰাট আৱদ্ধ হৈছিল অসমৰ শিক্ষাখণ্ডৰ পয়া লগা দৃশ্য ।

a
 দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱলৈ মাজত মাথোন এটা দিন । গুণোৎসৱক লক্ষ্য কৰি বিদ্যালয়সমূহে প্ৰস্তুতি চলাই । কিন্ত গুণোৎসৱ পাতিব বিচৰা বহু চৰকাৰী বিদ্যালয়ৰ অৱস্থা আন্তঃগাঁথনিৰ অভাৱত অতিকে শোচনীয় । টেলিভিচনত পৰ্দাত দেখা এইখন নগাওঁ জিলাৰ কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত উত্তৰ চানখোলা প্ৰাথমিক বিদ্যালয় ।

২০১৩ চনতে চৰকাৰী কৰন হোৱা বিদ্যালয়খনৰ দূৰৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণত ব্যাপক সমস্যাত পৰিছে । ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনৰ এটা ভগা পজাঁতে চলি থকাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ ডেক্স-বেঞ্চৰ অভাৱ বস্তাপাৰি বহি শিক্ষা গ্ৰহণ কৰিছে । বিদ্যালয় কৰ্তৃপক্ষই বহুবাৰ উদ্ধতন কৰ্তৃপক্ষক জনোৱাৰ পিছতো কাণষাৰ নিদিলে চৰকাৰ তথা শিক্ষা বিভাগে ।
 

Your Comments