জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি নগাঁও জিলাৰ লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যত থিতাপি লোৱা একমাত্ৰ গঁড়জনীৰ সন্ধানহীনতাই চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ ৷ লাওখোৰ পৰা সন্ধানহীন একমাত্ৰ গঁড়জনীৰ ৷
ক'ত গ'ল গঁড়জনী । চোৰাং চিকাৰীয়ে হত্যা কৰিলেনেকি গঁড়জনী ? নে পুনৰবাৰ গঁড় সুৰক্ষা দিয়াত ব্যৰ্থ হ'ল নগাঁও বন বিভাগ ।
লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য দুখনৰ কৰ্তৃপক্ষৰ চূড়ান্ত অমনোযোগিতা, অকৰ্মণ্যতা আৰু অদূৰদৰ্শিতাৰ বাবেই প্ৰায় আঠ মাহে বিচৰণ কৰি থকা অৱশিষ্ট গঁড়জনীৰ সুৰক্ষা দিবলৈ অপাৰগ হ'ল বিয়াগোম বন বিভাগ ।
গঁড় সুৰক্ষাৰ ক্ষেত্ৰত বিভাগটো যে অতি পুতৌলগাকৈ ব্যৰ্থ সেয়া পুনৰবাৰ প্ৰমাণিত হ'ল । ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ পৰা যোৱা ৬ ফেব্ৰুৱাৰীত লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যত প্ৰৱেশ কৰিছিল গঁড়টোৱে ।
গঁড়টোৱে শোণিতপুৰৰ ঠেলামৰাৰ পৰা শিঙৰি হৈ লাওখোৱা অভয়াৰণ্যত প্ৰৱেশ কৰিছিল । প্ৰথমাৱস্থাত বন বিভাগে গঁড়টো পুনৰ ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ ওভতাই পঠোৱাৰ চেষ্টা চলাইছিল যদিও লাওখোৱা আৰু বুঢ়াচাপৰিৰ পৰিৱেশৰ সৈতে অভ্যস্ত হৈ পৰাত গঁড়টো ওভতাই নিয়াৰ চিন্তা বাদ দি পুনৰ অভয়াৰণ্য দুখনত বিভাগে গঁড় এৰাৰ পৰিকল্পনা হাতত লৈছিল যদিও হঠাৎ যোৱা ২৪ ছেপ্টেম্বৰৰ পৰা গঁড়টো সন্ধানহীন হৈ আছে ।
বিভাগীয় বৰমূৰীয়াসকলে সন্ধানহীন হৈ থকা গঁড়টোৰ ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰাৰ লগতে চালে-বেৰে কোবোৱা উত্তৰ দিছে যদিও নিশ্চিতকৈ গঁড়টোৰ অস্তিত্বৰ ক্ষেত্ৰত কোনো সদুত্তৰ দিব পৰা নাই ৷
লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যখনৰ পৰা একমাত্ৰ গঁড়টো নিৰুদ্দেশ হোৱাক লৈ প্ৰকৃতিপ্ৰেমীসকলো খড়্গহস্ত হৈ পৰিছে । ইতিপূৰ্বে বছৰ দিয়েক পূৰ্বে বুঢ়াচাপৰি অভয়াৰণ্যত দুজনীকৈ গঁড় আনি অভয়াৰণ্যখনত গঁড় এৰাৰ পৰিকল্পনা কৰিছিল যদিও বেৰিকেড বনাইও সুৰক্ষা দিব নোৱাৰিলে গঁড় দুজনীক ।
অগা-পিছাকৈ মাক-জীয়েক দুয়োজনী গঁড়ে মৃত্যুক আঁকোৱালি ল'বলগা হৈছিল । বন বিভাগৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবেই অকাল মৃত্যুক সাবটি ল'বলগা হোৱাৰ ঘটনাৰ পিছত বৰ্তমান সন্ধানহীন হৈ থকা গঁড়টো নিজেই অভয়াৰণ্যখনত প্ৰৱেশ কৰি লাওখোৱা আৰু বুঢ়াচাপৰি দুখনৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে অভয়াৰণ্য দুখনত গঁড়ৰ বাবে থকা প্ৰচুৰ পৰিমাণৰ খাদ্য খাই গঁড়টো নোদোকা হৈ পৰিছিল যদিও বন বিভাগৰ দায়িত্বহীনতাৰ বাবেই যে হঠাৎ গঁড়টো সন্ধানহীন হ'ল ৷
এই লৈ ৰাইজে অভিযোগ কৰিছে । গঁড়জনী লাওখোৱা অভয়াৰণ্যত প্ৰৱেশৰ পাছতেই ৰূপহীহাট মিডিয়া চেলৰ ফালৰ পৰাও গঁড়জনীৰ সুৰক্ষা ব্যৱস্থাৰ বাবে সেই সময়ৰ বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মক এখন স্মাৰক-পত্ৰও প্ৰদান কৰা হৈছিল ৷
বৰ্তমান বন বিভাগে গঁড়জনীৰ তথ্য দিব নোৱাৰাত ৰূপহীহাট মিডিয়া চেল অতিকৈ দুখিত হোৱাৰ লগতে ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে ৷
- Log in to post comments
- 110 views