ৰাঁচীত অহা ১ নবেম্বৰৰ পৰা ৪ নবেম্বৰলৈ অনুষ্ঠিত হ'ব লগীয়া ৰঞ্জী ট্ৰফীত অসমে ঝাৰখণ্ডৰ বিৰূদ্ধে অৱতীৰ্ণ হ'ব । ইয়াৰ বাবে ১৫জনীয়া অসমৰ দলটি ঘোষণা কৰা হৈছে । ঘোষণা কৰা দলটো হৈছে অমিত সিনহা (অধিনায়ক), পল্লৱ কুমাৰ দাস, ঋষভ দাস, ৰিয়ান পৰাগ, শিৱ শংকৰ ৰয়, গকুল শৰ্মা, কুনাল শইকীয়া (উইকেটকীপাৰ), ৱাছিকুৰ ৰহমান(উইকেটকীপাৰ), ৰোমাৰিঅ' শৰ্মা, অৰূপ দাস, মৃণ্ময় দত্ত, মুক্তাৰ হুছেইন, ৰাহুল সিং, জিতু মণি কলিতা আৰু ৰঞ্জিত মালি । দলটিত প্ৰশিক্ষকৰূপে ছৈয়দ জাকাৰিয়া জুফ্ৰী আৰু মেনেজাৰৰূপে সুজিৎ চৌধুৰী থাকিব ।
- Log in to post comments
- 15 views