কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয় আক্ৰাছুৱে ৷ যদি নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক অসম আৰু কমতাপুৰত সংস্থাপিত কৰিব বিচাৰে তেন্তে অসম অশান্ত হৈ পৰিব আৰু যি কোনো পৰিৱেশ-পৰিস্থিতিৰ সৃষ্টি হ'ব ৷
এই মন্তব্য আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনৰ ৷ শনিবাৰে সংগঠনটোৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত আক্ৰাছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে কোনো কাৰণতে বৰ্তমান সময়ত ভাৰতীয় সংবিধানত উল্লেখ নথকা, ভাবুকিস্বৰূপ নাগৰিকত্ব বিধেয়কখন গৃহীত কৰাৰ বাবে অথবা সমৰ্থনত যিসকল দল-সংগঠনে সমাৱেশ পাতিবলৈ বিচাৰিব, সেইসকল দল-সংগঠনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব ৷
ইতিমধ্যে আক্ৰাছুকে ধৰি ৰাজ্যৰ ৬০টাকৈ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে সামাৱেশ আৰু জাতিদ্ৰোহী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ৷
আনকি যোৱা ২৩ অক্টোবৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ কাৰ্যসূচী সমগ্ৰ অসম তথা কমতাপুৰবাসীয়ে স্বতঃস্ফূৰ্তভাৱে ৰূপায়ণ কৰি স্পষ্ট কৰি দিলে যে বৰ্তমান সময়ত চৰকাৰৰ সিদ্ধান্তক কোনো এজন ব্যক্তিয়ে মানি লোৱা নাই ৷
আনহাতে, আক্ৰাছু নেতাগৰাকীয়ে খানাপাৰাৰ সমাৱেশ সন্দৰ্ভত কয় যে আমি কোনো কাৰণতে খানাপাৰাত ১৭ নৱেম্বৰত সমাৱেশ অনুষ্ঠিত হ'বলৈ নিদিওঁ ৷ লাগিলে ইয়াৰ বাবে যি পৰিৱেশ-পৰিস্থিতিৰ সৃষ্টি হয় তাক কৰাৰ বাবে আমি বাধ্য হ'ম বুলিও কয় আক্ৰাছুৱে ৷
নেতাগৰাকীয়ে আৰু কয়, ''কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ যে যিখন যুটীয়া সংসদীয় সমিতি তেওঁলোকে গঠন কৰি দিছে, সেই সমিতিখন সম্পূৰ্ণ পক্ষপাতিত্বমূলক সমিতি ৷
নিৰপেক্ষ সমিতি নহয় ৷ কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে এইখন সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই স্পষ্ট কৰি দিছে যে নাগৰিকত্ব সংশোধনী বিধেয়কখন আগন্তুক শীতকালীন অধিৱেশনত গৃহীত কৰিব ৷
আমি স্পষ্টভাৱে কৈছোঁ যে যদিহে এই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰে তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত অসম তথা ভাৰতবৰ্ষত বিজেপি চৰকাৰ যে গঠন নহয় সেয়া স্পষ্ট ৷
এই বিধেয়কখন তেওঁলোকে গৃহীত কৰাৰ কাৰণে যদি আকৌ কুচকাৱাজ কৰে তেতিয়াহ'লে অহা ৩ নৱেম্বৰত আমাৰ গোটেই দল-সংগঠনৰ সৈতে অনুষ্ঠিত হ'বলগীয়া বৈঠকত পৰৱৰ্তী সময়ত গ্ৰহণ কৰিবলগীয়া আন্দোলনৰ কাৰ্যসূচী সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব ৷''
ইপিনে অসম বন্ধৰ কাৰ্যসূচী ৰূপায়ণৰ পিচতে অখিল গগৈক আৰক্ষীৰ ফালৰ পৰা চমন জাৰি কৰা বুলি উল্লেখ কৰি আক্ৰাছু নেতাগৰাকীয়ে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ এই কুটিল ষড়যন্ত্ৰক তীব্ৰ নিন্দা কৰাৰ লগতে গৰিহণা দিয়ে ৷
যদিহে অখিল গগৈক পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হয়, তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত ভয়ংকৰ পৰিৱেশ-পৰিস্থিতিৰ সৃষ্টি হ'ব বুলিও আক্ৰাছুৱে স্পষ্ট কৰি দিয়ে ৷
- Log in to post comments
- 7 views