ওদালগুৰিৰ ঘাগ্ৰাত ডি ভোটাৰৰ জাননী পোৱা ব‍্যক্তিৰ আত্মহত‍্যা

ওদালগুৰিৰ ঘাগ্ৰাত ডি ভোটাৰৰ জাননী পোৱা ব‍্যক্তিৰ আত্মহত‍্যা

ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত ঘাগ্ৰাত আজি পুৱতি নিশা এগৰাকী ব‍্যক্তিৰ আত্মহত‍্যাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল‍্য সৃষ্টি কৰে । আত্মহত‍্যা কৰা ব‍্যক্তিগৰাকীৰ নামত অবৈধ বিদেশীৰ সন্দেহত ডি ভোটাৰ হিচাপে জাননী জাৰি কৰাৰ বাবে আত্মহত‍্যা কৰা বুলি সন্দেহ কৰা হৈছে ।

আত্মহত‍্যা কৰা লোকজন দীপক দেৱনাথ বুলি জানিব পৰা গৈছে । ইপিনে পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি প্ৰকৃত স্বদেশী হোৱাৰ পিছতো ডি ভোটাৰৰ নামত জাননী জাৰি কৰি আত্মহত‍্যা কৰিবলৈ বাধ‍্য কৰোৱা বুলি অভিযোগ কৰে ।

বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে মৃতদেহ লৈ ৰাজপথত প্ৰতিবাদ সাব‍্যস্ত কৰি বৃহৎ সমদল কৰি সৰ্বানন্দ সোণোৱাল হায় হায়, অসম চৰকাৰ হায় হায় আদি শ্লোগান দি ঘাগ্ৰাৰ আকাশ-বতাহ কঁপাই তোলে ।

ইফালে ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে ।

Your Comments