"দিয়াচলাই"ৰ কবি আতৰ আলী চৌধুৰীৰ পৰলোকপ্ৰাপ্তি

২দিয়াচলাই২ৰ১কবি১আতৰ১আলী১চৌধুৰীৰ১পৰলোকপ্ৰাপ্তি

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ

হোজাই জিলাত সাহিত্য চৰ্চাৰ প্ৰাণ প্ৰতিষ্ঠাতা, 'দিয়াচলাই'ৰ কবিখ্যাত আতৰ আলী চৌধুৰীয়ে দেওবাৰে শ্বিলঙৰ নেইগ্ৰিমছত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ৷

হোজাই জিলাৰ ডবকাৰ সমীপৱৰ্তী মোবাৰকবস্তৰি বাসিন্দা আতৰ আলী চৌধুৰীৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি এক শোকৰ ছাঁ বিৰাজ কৰিছে ৷ ৭০ বছৰত দেহাৱসান ঘটা শিক্ষাবিদগৰাকী শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ শ্বিলঙৰ নেইগ্ৰিমছত চিকিৎসাধীন হৈ আছিল ৷

আজি চিকিৎসকৰ সকলো চেষ্টা বিফল কৰি ডবকা অঞ্চলৰ শিক্ষা, সাহিত্যৰ আগৰণুৱা ব্যক্তি, সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক বিত্ত সম্পাদক, হোজাই জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা, নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, বিষন্ন সময়ৰ খ্যাতিমন্ত কবি আতৰ আলী চৌধুৰীয়ে নিজৰ অগণন গুণমুগ্ধক কন্দুৱাই ইহসংসাৰৰ পৰা বিদায় মাগে ৷

অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে ২০০৮ চনত নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষকতাৰ পৰা অৱসৰ লয় ৷ অৱসৰ গ্ৰহণৰ পিছত শিক্ষাবিদগৰাকীয়ে নীলবাগানৰ বেচৰকাৰী খণ্ডৰ বিদ্যালয় ৱেষ্টাৰ্ণ একাডেমীত অবৈতনিকভাৱে শিক্ষাদানত ব্ৰতী হৈ আছিল ৷

মৃত্যুৰ সময়ত শিক্ষাবিদগৰাকীয়ে সহধৰ্মিণীৰ লগতে তিনিজন পুত্ৰ আৰু এগৰাকী কন্যাসহ অগণন গুণমুগ্ধক এৰি থৈ যায় ৷ আতৰ আলী চৌধুৰীৰ বিয়োগত শোক প্ৰকাশ কৰিছে সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়া, প্ৰধান সম্পাদক উজ্জ্বল পাওগাম, হোজাই জিলা কবি সন্মিলনৰ সভাপতি ডঃ হাছিনুচ চুলতান, ভাৰপ্ৰাপ্ত সম্পাদক জমিৰ উদ্দিন তালুকদাৰে ৷


 

Your Comments