ডিব্ৰুগড়ৰ পৰা জ্যোতিষ পাতিৰ
শনিবাৰৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা । প্ৰথমবাৰ ৰাজ্যৰ গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হোৱা ৬৪সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা ডিব্ৰুগড়ত উদ্বোধন কৰে শক্তিমন্ত্ৰী তপন গগৈয়ে ।
গুৱাহাটী ক্ৰীড়া সন্থাৰ তত্ত্বাৱধনাত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাখন উদ্বোধন কৰি মন্ত্ৰী তপন গগৈয়ে ডিব্ৰুগড় তথা ইয়াৰ চুবুৰীয়া ৰাইজে বৰদলৈ ট্ৰফী ফুটবল খেল চোৱাৰ সপোন বাস্তৱায়িত হোৱা বুলি উল্লেখ কৰে ।
ৰাজ্য চৰকাৰে নতুন প্ৰজন্মক ফুটবলৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ প্ৰচেষ্টা চলাই থকাৰ কথাও মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ আনহাতে, নতুন ক্ৰীড়া নীতিৰ জৰিয়তে গ্ৰামাঞ্চলত লুকাই থকা খেলুৱৈৰ প্ৰতিভা উলিয়াই অনাৰ আনুষংগিক পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মন্ত্ৰী গগৈয়ে লগতে সদৰী কৰে ।
ডিব্ৰুগড় জিলাৰ নৱনিযুক্ত ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ দেৱজিত দত্তৰ আদৰণী ভাষণেৰে অনুষ্ঠিত হোৱা বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত সাংসদ ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, বিধায়ক ঋতুপৰ্ণ বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দ্বীপুৰঞ্জন মাক্ৰাৰী, আন্তঃৰাষ্ট্ৰীয় প্ৰাক্তন ফুটবল খেলুৱৈ স্বাধীন ডেকাকে ধৰি ভালেসংখ্যক বিশিষ্ট খেলুৱৈয়ে অংশগ্ৰহণ কৰে ।
অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়ায় ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সম্পাদক নিৰঞ্জন শইকীয়াই । ইপিনে শনিবাৰে অনুষ্ঠিত প্ৰথমখন খেলত দুলীয়াজান অইল ইণ্ডিয়া এফ চি আৰু বি এছ এফ জলন্ধৰ দলে অংশগ্ৰহণ কৰে । .
- Log in to post comments
- 6 views