মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
'জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত কৰিবলৈ হ'লে সাংসদসকলৰ সন্মতিৰ প্ৰয়োজন । বিধেয়কখন অনুমোদন হোৱাৰ পিছত যদি এগৰাকীও বাংলাদেশী অসমত প্ৰৱেশ কৰে তেন্তে ন্যায়ালয়ৰ কাষ চাপিব ৷' এই বক্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ।
মাজুলীৰ ভকতিদুৱাৰ ৰংগমঞ্চত অনুষ্ঠিত হোৱা বিজেপিৰ পৃষ্ঠা প্ৰমুখ নিযুক্তি সন্মিলনত উপস্থিত থাকি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সাংবাদিকৰ আগত এইদৰে কয় ।
শেহতীয়া অসমৰ পৰিস্থিতিৰ সন্দৰ্ভত কয় যে একাংশ দল-সংগঠনে অসমত ভাই ভাইৰ মাজত সংঘাত বিয়পাবৰ বাবে অহৰহ চেষ্টা চলাই আহিছে ৷ ইয়াৰোপৰি দল শক্তিশালী কৰিবৰ বাবে দলীয় কৰ্মকৰ্তাক উদ্দেশ্যি চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাটো প্ৰধান কাম বুলি উল্লেখ কৰাৰ লগতে প্ৰতিজন দলীয় কৰ্মকৰ্তাই জনসাধাৰণক সেৱা কৰাৰ মানসিকতাৰে কাম কৰাৰ আাহ্বান জনায় ৷
সভাখনত মাজুলীৰ দুই মণ্ডলৰ ১৫০০জন পৃষ্ঠা প্ৰমুখক নিযুক্তি-পত্ৰ প্ৰদান কৰি দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাসহকাৰে জনসাধাৰণৰ সেৱাৰ অৰ্থে পালন কৰাৰ আহ্বান জনায় ৷
এই বিশাল সাংগঠনিক সভাখনৰ জৰিয়তে মাজুলীত বিজেপিয়ে পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ ৰণ দুণ্ডভি বজায় ৷ এই বিশাল পৃষ্ঠা প্ৰমুখ সমাৰোহত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেয়ে অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনহিতৈষী আঁচনিৰ ওপৰত বিস্তৃতভাৱে ভাষণ প্ৰদান কৰাৰ লগতে চৰকাৰখনে জনসাধাৰণৰ মংগলৰ বাবে পূৰ্বৰে পৰা কাম কৰি আহিছে আৰু কৰি যাব বুলি ভাষণ প্ৰদান কৰে ৷
সভাখনত সাংসদ প্ৰদান বৰুৱা, বিজেপিৰ অসম প্ৰদেশৰ সাংগঠানিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, পুলক গোঁহাই, অমিয় ভূঞা, এপিডিচিএলৰ অসমৰ নৱ-নিযুক্ত সঞ্চালক হেমচন্দ্ৰ দলে, মুখ্য মন্ত্ৰীৰ মাজুলীৰ প্ৰতিনিধি ৰমেন দত্ত, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী মাধৱ দেউৰী, মাজুলী জিলা বিজেপিৰ সভাপতি দীপক গোস্বামীকে ধৰি দলৰ বহু কেইজন জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷
সভাখন আঁতধৰে মাজুলী জিলাৰ সম্পাদক নিতুল নাথ আৰু জিলাৰ উপ-সভাপতি ৰমেশ বৰুৱাই ৷ সভাৰ আৰম্ভণিতে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক ভকতিদুৱাৰ তিনিআলিৰ পৰা গায়ন-বায়নেৰে শতাধিক দলীয় কৰ্মীয়ে আদৰ-সাদৰেৰে আধ্যাত্মিকতাৰ দৰ্শনেৰে আদৰণই জনাই আনে ৷ সভাখনত মাজুলীকে ধৰি বিভিন্ন স্থানৰ পৰা অহা দহশতাধিক দলীয় কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 16 views