বিজেপি চৰকাৰৰ মিথ্যাচাৰত অসন্তুষ্ট আক্ৰাছুৰ পুনৰ আন্দোলনৰ হুংকাৰ

বিজেপি চৰকাৰৰ মিথ্যাচাৰত অসন্তুষ্ট আক্ৰাছুৰ পুনৰ আন্দোলনৰ হুংকাৰ

মিথ্যাচাৰৰ এটা সীমা থাকে ৷ কিন্তু বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰখনে সেই সীমা অতিক্ৰম কৰি চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈছে ৷

বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য গঠনৰ লগতে অন্যান্য দাবীসমূহ সমাধানৰ নামত চৰকাৰখনে চৰম মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাইৰ নেতৃত্বই ৷

বিজেপি চৰকাৰৰ মিথ্যাচাৰত অসন্তুষ্ট আক্ৰাছুৰ পুনৰ আন্দোলনৰ হুংকাৰ

শনিবাৰে বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয়ে যে আক্ৰাছুয়ে ভাতৃ-ভগ্নী সংগঠনৰ লগত লগ লাগি কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছিল ৷

অসম চৰকাৰে আন্দোলনৰ ৰেহ-ৰূপ দেখি শংকিত হৈ আক্ৰাছুৰ লগত আলোচনা কৰি জনগোষ্ঠীটোৰ দাবীসমূহ সমাধানৰ প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি আশ্বাস দিছিল ৷

কিন্তু চৰকাৰে নিজে দিয়া প্ৰতিশ্ৰুতি, আশ্বাস আৰু বিশ্বাস নিজে ভংগ কৰি বাৰে বাৰে মিথ্যাচাৰৰ আশ্ৰয় লৈ আক্ৰাছুক আলোচনাৰ নামত প্ৰতাৰণা কৰি আহিছে ৷

আক্ৰাছুৱে অসম চৰকাৰে গঠন কৰি দিয়া তিনিজনীয়া কেবিনেট উপ-সমিতিখনক মান্যতা দিয়া নাছিল যদিও আলোচনা কৰি জনগোষ্ঠীটোৰ দাবী সমাধানৰ স্বাৰ্থত আক্ৰাছুৱে কেবিনেট উপ-সমিতিৰ লগত আলোচনাত বহিছিল ৷

যোৱা ২৬ ছেপ্টেম্বৰত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাখনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তিনিজনীয়া কেবিনেট উপ-সমিতিও আছিল ৷

মুখ্য মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই সভাখনত কেবিনেট উপ-সমিতিৰ লগত আক্ৰাছু, কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ প্ৰতিনিধি দল এটাই আলোচনাত অংশ লৈছিল ৷

আলোচনাকালত প্ৰতিনিধি দলটোৱে নিৰ্দিষ্ট সময়ৰ ভিতৰত কমতাপুৰ আৰু জনজাতিকৰণৰ দাবী সমাধানৰ বাবে অসমৰ মুখ্য মন্ত্ৰীৰ উপস্থিতিত প্ৰধান মন্ত্ৰী অথবা গৃহমন্ত্ৰীৰ লগত ত্ৰিপাক্ষিক আলোচনা হ'ব লাগে বুলি দাবী উত্থাপন কৰিছিল ৷

কেবিনেট উপ-সমিতিয়ে এই সম্পৰ্কত চলিত অক্টোবৰ মাহৰ শেষত নতুন দিল্লীত গৃহমন্ত্ৰী পৰ্যায়ত আলোচনা অনুষ্ঠিত কৰিব বুলি প্ৰস্তাৱ লৈছিল ৷ কিন্তু এতিয়া অক্টোৱৰ মাহ শেষ হ'বৰ হ'ল যদিও চৰকাৰে আলোচনা হ'বনে নাই এই সম্পৰ্কত বৰ্তমানলৈ আক্ৰাছুক অৱগত নকৰিলে ৷

আনকি কেবিনেট উপ-সমিতিৰ অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীক ফোনেৰে যোগাযোগ কৰিবলৈ বহুৱাৰ চেষ্টা কৰা হৈছে যদিও তেওঁ ফোনেই গ্ৰহণ নকৰে ৷ গতিকে আক্ৰাছুৱে চৰকাৰৰ মুখলৈ আৰু বাট চাই নাথাকে ৷

আক্ৰাছুৱে পুনৰ জংগী আন্দোলনত নামি পৰিব বুলিও কয় ৷ নেতাদ্বয়ে সংবাদমেলত আৰু কয় যে ৰাজ্য চৰকাৰে যি সময়ত কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবী সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগিছিল, সেই সময়ত হিন্দু বাংলাদেশীক আদৰি আনিবলৈ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব খুজি বিজেপি দলৰ মাজুলীত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ সপক্ষেহে সিদ্ধান্ত গ্ৰহণ কৰিলে ৷

কিন্তু জনজাতিকৰণৰ প্ৰস্তাৱ নল'লে ৷ এয়াই মুখাপিন্ধা জাতীয় নায়কৰ প্ৰকৃত মুখা ৷ বৰ্তমান সময়ৰ জাতীয় নায়কৰ ভূমিকা লোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰকৃতাৰ্থত এজন জাতীয় খলনায়ক বুলিও মন্তব্য কৰি তেওঁ যেতিয়ালৈকে দিল্লীৰ নিৰ্দেশত নাচি থাকিব, তেতিয়ালৈকে ৰাজ্যখনত কোনো শান্তি-সম্প্ৰীতি ঘূৰি নাহে বুলিও কয় ৷

আনহাতে, আক্ৰাছুৱে আৰু চৰকাৰৰ ভেঁকো-ভাওনা চাব বিচৰা নাই বুলি মন্তব্য কৰি অহা এসপ্তাহৰ ভিতৰত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি স্থগিত ৰখা আন্দোলনৰ কাৰ্যসূচী পুনৰ ঘোষণা কৰিব বুলিও কয় ৷

আনকি এইবাৰ বিজেপি দলক শান্তিত থাকিবলৈ নিদিয়ে বুলিও হুংকাৰ দিয়ে নেতাদ্বয়ে ৷ লগতে আন্দোলনৰ ফলত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়াহ'লে তাৰবাবে চৰকাৰ জগৰীয়া হ'ব বুলিও সকিয়াই দিয়ে ৷

সংবাদমেলত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে কয় যে আমাৰ আৰু চৰকাৰৰ ওপৰত বিশ্বাস নাইকিয়া হৈছে ৷ সন্মুখত লোকসভা নিৰ্বাচন আহিছে ৷ সেয়ে হয়তো আলোচনাৰ নামত এইদৰে আশ্বাস দি ভেঁকো-ভাওনা কৰি আহিছে ৷

এয়া আক্ৰাছুৰ আন্দোলনক পিচুৱাই নিয়াৰ চৰকাৰৰ চক্ৰান্ত ৷ কিন্তু এইদৰে যদি চৰকাৰে হোঁহকা-পিচলা কৰি থাকে তেন্তে আমাৰ আন্দোলন তীব্ৰতৰ হৈ গৈ থাকিব ৷

লগতে বিজেপি দলক কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিব বুলিও কয় ৷ আনহাতে, সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে চৰকাৰে প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই ৷

সেয়ে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে চৰকাৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণী পাৰ হৈ যোৱাৰ বাবেহে আলোচনাৰ নামত ভেঁকো-ভাওনা কৰিছে ৷ গতিকে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যদি চৰকাৰে জনজাতিকৰণ আৰু কমতাপুৰৰ দাবী সন্দৰ্ভত বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচনত বিজেপি দলক উচিত শিক্ষা দিয়া হ'ব ৷

সংবাদমেলত আক্ৰাছুৰ শিক্ষা সম্পাদক শিৱানন বৰ্মনৰ লগতে কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰবী সৰকাৰ আদিও উপস্থিত থাকে ৷
 

Your Comments